প্ৰতি লিটাৰ পেট্ৰ’ল ১১৬.৮৮, ডিজেল ১੦৫.৯৯ টকা! দেশৰ কােন ঠাইত ইন্ধনৰ মূল্য সৰ্বাধিক?

প্ৰতি লিটাৰ পেট্ৰ’ল ১১৬.৮৮, ডিজেল ১੦৫.৯৯ টকা! দেশৰ কােন ঠাইত ইন্ধনৰ মূল্য সৰ্বাধিক?

October 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বৰ্তমানেও পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ হোৱা নাই। যাৰ ফলত ইন্ধনৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক।

পেট্ৰল আৰু ডিজেলৰ আকাশলংঘী মূল্যই সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। ইন্ধনৰ মূল্য আজি অৰ্থাৎ শনিবাৰেও প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধি পাইছে। এই বৃদ্ধিৰ জৰিয়তে সমগ্ৰ দেশতে পেট্ৰল আৰু ডিজেলৰ মূল্যই নতুন অভিলেখ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ভাৰতীয় পেট্ৰলিয়াম বিপণন কোম্পানীবোৰে ১৬ অক্টোবৰৰ দিনা পেট্ৰলৰ মূল্য ৩৫ পইচা বৃদ্ধি কৰিছে। আনহাতে ডিজেলৰ মূল্যও ৩৫ পইচা বৃদ্ধি পাইছে। কেৱল অক্টোবৰতে পেট্ৰলৰ মূল্য ৩.৮৫ টকা আৰু ডিজেলৰ মূল্য ৪ টকাতকৈও অধিকলৈ বৃদ্ধি পাইছে।

ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰা শেহতীয়া আপডেট অনুসৰি, দেশৰ ৰাজধানী দিল্লীত পেট্ৰলৰ মূল্যই প্ৰতি লিটাৰত ১০৫.৪৯ টকা আৰু মুম্বাইত প্ৰতি লিটাৰত ১১১.৪৩ টকা স্পৰ্শ কৰিছে। মুম্বাইত বৰ্তমান ডিজেল প্ৰতি লিটাৰত ১০২.১৫ টকাত বিক্ৰী হৈছে।

তথ্য অনুসৰি, ছত্তীশগড় আৰু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী মধ্য প্ৰদেশৰ অন্তিম জিলা বালাঘাটত পেট্ৰলৰ দামে এক নতুন অভিলেখ গঢ়িছে।

প্ৰতি লিটাৰ পেট্ৰ’লত ১১৬.৮৮ টকাৰে দেশৰ ভিতৰত সৰ্বাধিক মূল্য হিচাপে শীৰ্ষত আছে। বালাঘাটত ডিজেল প্ৰতি লিটাৰত ১০৫.৯৯ টকালৈ স্পৰ্শ কৰিছে।

উল্লেখ্য যে শনিবাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ একেৰাহে তৃতীয় দিন।

দেশৰ বেছিভাগ ঠাইত ইতিমধ্যে পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ১০০ টকাৰ ওপৰত হৈছে।

আনহাতে মধ্য প্ৰদেশ, ৰাজস্থান, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, গুজৰাট, মহাৰাষ্ট্ৰ, ছত্তীশগড় আৰু বিহাৰকে ধৰি এক ডজন ৰাজ্যত ডিজেলৰ হাৰ প্ৰতি লিটাৰত ১০০ টকাৰ স্তৰ অতিক্ৰম কৰিছে।

লগতে চাওকঃ

কন্যা সন্তান জন্ম হোৱাৰ বাবেই পেট্ৰ’ল পাম্পৰ মালিকে গ্ৰাহকলৈ আগবঢ়ালে ‘বাম্পাৰ অফাৰ’!