প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

নিউজ ডেস্ক। সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ এইমছত গ্ৰহণ কৰিলে কভিড-১৯ ৰ প্ৰতিষেধক ক’ভেক্সিন।

প্ৰধানমন্ত্ৰীৰ সেই কাৰ্যক এতিয়া ভূঁয়সী প্ৰশংসা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই।

সোমবাৰে এই সন্দৰ্ভত মন্ত্ৰীজনে কয় যে- “প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধক গ্ৰহণ কৰি দেশৰ সকলো জনতাক অনুপ্ৰেৰণা যোগালে। যিয়ে সকলোকে প্ৰতিষেধক গ্ৰহণত আগ্ৰহ যোগাব। তেওঁ দেশৰ সাধাৰণ লোকে গ্ৰহণ কৰা দিনটোতেই প্ৰতিষেধক গ্ৰহণ কৰি নিজকে পৃথক পৰিচয় দিলে।

তেওঁ লগতে কয় যে ৰামায়ণত যিদৰে মুৰ্ছিত লক্ষ্মণৰ বাবে ভগৱান হনুমানে সঞ্জীৱনী আনিছিল, সেই একেদৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে দেশৰ জনতালৈ কভিড-১৯ প্ৰতিষেধক অৰ্পন কৰিলে।

অশ্বিনী কুমাৰ চৌবে

তেওঁ লগতে কয় যে, আমি ‘বাসুদৈব কুটুম্বকম’ নীতিত বিশ্বাসী যাৰ অৰ্থ হৈছে গোটেই পৃথিৱীখনেই এটা পৰিয়াল। সেয়েহে আমি থলুৱাভাৱে প্ৰস্তুত কৰা ঔষধ আৰু প্ৰতিষেধক সমগ্ৰ বিশ্বক বিলাই দিছো।

উল্লেখ্য যে সোমবাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধক লৈ টুইটাৰত এই যাত্ৰাত সকলোকে সহযোগী হবলৈ আহ্বান জনাইছিল।

লগতে চাওকঃ

এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

G4-1

অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ ষ্টাৰ কেম্পেইনাৰ অৰৱিন্দ কেজৰিৱাল!

G5-1

Leave a Comment