প্ৰধানমন্ত্ৰীৰ কাষত অসমৰ দিব্যাংগ চিত্ৰ শিল্পী অভিজিৎ, নিজ হাতেৰে মােদীক দিলে এই বিশেষ উপহাৰ

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষ চিত্ৰ উপহাৰ দিলে শিলচৰৰ চিত্ৰশিল্পী অভিজিত গাটানিয়ে।

শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি বিশেষভাৱে সক্ষম অভিজিতে দিলে বিশেষ উপহাৰ।

যুৱকজনৰ উপহাৰ পায় সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিজিতক ভৱিষ্যতে আগবাঢ়ি যাবলৈ দিলে আশীৰ্বাদ প্ৰদান কৰে।

স্কেচ পেইণ্টিঙৰ ক্ষেত্ৰত সুন্দৰ প্ৰতিভাৰ অধিকাৰী অভিজিৎ গাটানীৰ ঘৰ শিলচৰত।

দিল্লীত মাতৃৰ সৈতে গৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পেইণ্টিংখন প্ৰধানমন্ত্ৰী মোদীক উপহাৰ দিলে অভিজিতে।

প্ৰধানমন্ত্ৰী মোডীৰ ভিন্ন সময়ৰ ভিন্ন মুহূৰ্তক তুলিকাত তুলি ধৰা অভিজিতৰ এই পেইণ্টিংখন গ্ৰহণ কৰি কেইবাবাৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

প্ৰধানমন্ত্ৰীক নিজ হাতে অংকন কৰা আলোকচিত্ৰ প্ৰদান কৰি অভিভূত শিলচৰৰ অভিজিত গাটানি।

অভিজিতক লৈ যোৱাৰ বাবে এদিন পূৰ্বে দিল্লীলৈ গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে চাওকঃ

ভাল খবৰ! CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

1 thought on “প্ৰধানমন্ত্ৰীৰ কাষত অসমৰ দিব্যাংগ চিত্ৰ শিল্পী অভিজিৎ, নিজ হাতেৰে মােদীক দিলে এই বিশেষ উপহাৰ”

Comments are closed.