প্ৰবীণ অভিনেতা ৰমেশ দেওৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

নিউজ ডেস্ক। হিন্দী আৰু মাৰাঠী ছবি উদ্যোগৰ প্ৰবীণ পৰিচালক, অভিনেতা ৰমেশ দেওৱে বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে।

‘আনন্দ’, ‘আপ কী কচম’ আদি হিন্দী ছবিৰ বাবে সুপৰিচিত প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৩ বছৰ।

FKmmd-5-X0-AY-Ak

ৰমেশ দেওৱে তেওঁৰ ৬০ বছৰীয়া কেৰিয়াৰত ২৫০ খনতকৈও অধিক হিন্দী চলচ্চিত্ৰ আৰু প্ৰায় ২০০ খন মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

FKmy2-Z6-VIAg-I4-B5

দীৰ্ঘদিন ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ থকা প্ৰবীণ অভিনেতা, পৰিচালকগৰাকী মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত চিকিৎসাধীন হৈ আছিল। হাস্পতালতে বুধবাৰে নিশা প্ৰায় ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰমেশ দেওৱে।

FF1u-V4-Vc-AM6-EW4

খলনায়কেই হওঁক বা ৰোমাণ্টিক হিৰ’ সকলো চৰিত্ৰকে নিখুঁটভাৱে ছবিত ফুটাই তুলিবলৈ সক্ষম হোৱা ৰমেশ দেওৱে ৬০ৰ দশকত ছবিজগতত প্ৰৱেশ কৰিছিল। তেওঁৰ মোচ আৰু হাঁহিটোৱে সহজতে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

FKmy4s-VVc-AQa5c-A

তেওঁ মুখ্যতঃ “আৰতি”, আনন্দ”, “আপ কি কচম”, “মেৰে অপনে”, “জীৱন মৃত্যু”, “সৰস্বতীচন্দ্ৰ”, “তিন বহুৰাণী”, “খিলোনা”, “ঘায়েলঃ ৱান্স এগেইন”, “জলি এলএলবি”ৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

চলচ্চিত্ৰ নিৰ্মাতা হৃষীকেশ মুখাৰ্জীৰ ১৯৭১ চনৰ কালজয়ী “আনন্দ”ত ৰমেশ দেওৱে ড০ প্ৰকাশ কুলকাৰ্ণীৰ চৰিত্ৰত অভিনয় কৰি হিন্দী ছবিজগতৰ এটা পৰিচিত নাম হৈ পৰে।

FKm43-SSVc-AQx-WZw

মহাৰাষ্ট্ৰৰ অমৰাৱতীত জন্মগ্ৰহণ কৰা ৰমেশ দেওৱে ১৯৫১ চনৰ মাৰাঠী চলচ্চিত্ৰ “পাটলাচি পোৰ”ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।

তাৰ পিছত তেওঁ ৰাজা পৰাঞ্জপেৰ দ্বাৰা পৰিচালিত মাৰাঠী চলচ্চিত্ৰ “অন্ধলা মাগতো এক দোলা” (১৯৫৬)ত পূৰ্ণাংগ অভিনয় কৰে।

Leave a Comment