প্ৰশংসনীয়! পুত্ৰই লাভ কৰিলে চৰকাৰী চাকৰি, তাৰ পিছতে মাতৃয়ে ওভতাই দিলে চৰকাৰী ঘৰ…

প্ৰশংসনীয়! পুত্ৰই লাভ কৰিলে চৰকাৰী চাকৰি, তাৰ পিছতে মাতৃয়ে ওভতাই দিলে চৰকাৰী ঘৰ…

October 17, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পৰিয়ালৰ কোনো এজন সদস্যই চৰকাৰী চাকৰি লাভ কৰাৰ পিছত সেই পৰিয়ালটোৱে লাভ কৰা চৰকাৰী আঁচনিৰ সুবিধা ঘূৰাই দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে বজালীৰ এগৰাকী স্বামীহাৰা মহিলাই গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া মন চুই গৈছে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে সাধাৰণ জনতাৰ।

পুত্ৰই আৰক্ষী বিভাগত চাকৰি লাভ কৰাৰ পিছতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ বিধৱা মহিলাগৰাকীয়ে চৰকাৰক ওভতাই দিয়ে তেওঁ লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ।

উল্লেখ্য যে, বজালী জিলাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেঠুৱা নলিপাৰা গাঁৱৰ হিমানী পাটগিৰি নামৰ মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছত একমাত্ৰ পুত্ৰৰ সৈতে যথেষ্ট আৰ্থিক অসুবিধাৰ মাজত দিন কটাবলগীয়া হৈছিল।

সেই সময়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৱে চৰকাৰৰ পৰা লাভ কৰিছিল অৰুণোদয় আঁচনিৰ ধন, ৰেচন কাৰ্ড আদিৰ সুবিধা।

শেহতীয়াকৈ পৰিয়ালটোৰ বাবে অনুমোদিত হৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা পকী ঘৰো।

কিন্তু তাৰ পিছতে হিমানী পাটগিৰিৰ একমাত্ৰ পুত্ৰ বিকাশ পাটগিৰিয়ে অসম আৰক্ষীত চাকৰি লাভ কৰাত মাতৃ-পুত্ৰই চৰকাৰী আঁচনিৰ সুবিধা ঘূৰাই দিয়াৰ সিদ্ধান্ত লয়।

সেই অনুসৰি ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা প্ৰথম কিস্তিৰ ৩২,৫০০ টকা ঘূৰাই নিবলৈ লিখিতভাৱে খণ্ড উন্নয়ন বিষয়াক অনুৰোধ জনাইছে হিমানী পাটগিৰিয়ে।

অন্যহাতে পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড আদিৰ সুবিধাও তেওঁলোকে ওভতাই দিয়াৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত হিমানী পাটগিৰীয়ে কয়, ‘যেতিয়া আমাৰ আৰ্থিক অভাৱ আছিল, তেতিয়া এনে চৰকাৰী আঁচনিৰ আমাক প্ৰয়োজন আছিল। কিন্তু চৰকাৰৰ নিকা নিযুক্তিৰে মোৰ একমাত্ৰ পুত্ৰই এতিয়া চাকৰি লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে যিদৰে নিকা নিযুক্তিৰ কথা ৰাখিলে, সেইদৰে এতিয়া কথা ৰখাৰ সময় আমাৰ।’

মহিলাগৰাকীয়ে পুনৰ কয়, ‘যদি মোৰ ল’ৰাক ইশ্বৰে ভালে ৰাখে, তেন্তে এদিন সি নিজেই ঘৰ এটা বনাই ল’ব পাৰিব। কিন্তু আমাতকৈ দৰিদ্ৰ কোনোবা এটা পৰিয়ালক যাতে এই ঘৰটো দিব পাৰে, সেয়ে আমি চৰকাৰী ঘৰটো ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছো।’

বজালীৰ এই স্বামীহাৰা মহিলাগৰাকী আৰু তেওঁৰ একমাত্ৰ পুত্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ শলাগ লৈছে অনেকে।

যি সময়ত আৰ্থিকভাৱে স্বচ্ছল হৈ বহু পৰিয়ালে চৰকাৰী আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি আছে, সেই সময়ত হিমানী পাটগিৰি আৰু তেওঁৰ পুত্ৰই লোৱা সিদ্ধান্ত প্ৰশংসনীয় বুলি মন্তব্য কৰিছে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মা আৰু খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই।