প্ৰশিক্ষণ সময়তে দুৰ্ঘটনাত পতিত ক্ষুদ্ৰ বিমান, কথমপি প্ৰাণৰক্ষা যুৱতী প্ৰশিক্ষাৰ্থীৰ…

নিউজ ডেস্ক। প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাত পতিত হ’ল এখন ক্ষুদ্ৰ বিমান।

মহাৰাষ্ট্ৰৰ পুনেৰ ইন্দপুৰত সোমবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এগৰাকী ২২ বছৰীয়া যুৱতী প্ৰশিক্ষাৰ্থী পাইলট ভাগ‍্যক্ৰমে প্ৰাণৰক্ষা কৰে।

সামান্য ৰূপত আঘাতপ্ৰাপ্ত হৈছে প্ৰশিক্ষাৰ্থী গৰাকী।

আঘাতপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী পাইলট গৰাকীক ভৱিকা ৰাথোড় বুলি চিনাক্ত কৰা হৈছে।

বিমানখন কাৰ্ভাৰ এভিয়েচনৰ অন্তৰ্গত আছিল। প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য কাৰ্যালয় বাৰামতীত অৱস্থিত।

আৰক্ষী অধীক্ষক অভিনৱ দেশমুখে প্ৰকাশ কৰা অনুসৰি, পুৱা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

প্ৰশিক্ষাৰ্থী পাইলট ৰাথোড়ক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে শ্বেলগাওঁ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোৰ সময়ত ৰাথোড় বিমানখনত অকলে আছিল।

কাৰ্ভাৰ এভিয়েচনৰ বিষয়ববীয়া আৰু স্থানীয় আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।

লগতে চাওকঃ

‘আজি মই অতি দুখেৰে জনাওঁ যে…’ হঠাতে সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে সৰৱ অসম গৌৰৱ লাভলীনা?