প্ৰসংগ নিযুক্তি পৰীক্ষা! ভিক্টৰ দাসৰ চাঞ্চল্যকৰ অভিযােগ সন্দৰ্ভত কি ক’লে বিশেষ ডিজিপি জি পি সিঙে…

নিউজ ডেস্কঃ কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাইছে।

এটা আঞ্চলিক সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

ভিক্টৰে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীক কোনো ধৰণৰ তথ্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে বিশেষ ডিজিপি জিপি সিঙে।

তেওঁ কয় যে যদি ভিক্টৰ দাসে এয়া কেৱল পাব্লিচিটিৰ বাবে কৰা বুলি প্ৰমাণ হয়, তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, টুইটাৰত ভিক্টৰ দাস নামৰ যুৱকজনে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত একাংশই ৩-৮ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আনকি এই কেলেংকাৰীৰ সৈতে কেইগৰাকীমান প্ৰাক্তন বিধায়ক আৰু উচ্চ পদস্থ বিষয়া জড়িত থকাৰো বিস্ফোৰক অভিযোগ কৰিছিল ভিক্টৰে।

ভিক্টৰৰ এই অভিযোগৰ পিছতে তেওঁৰ পৰা তথ্য বিচাৰি মাৰাথান জেৰা চলাই আছে আৰক্ষীয়ে। অন্যহাতে নিযুক্তি পৰীক্ষাৰ নামত কোনো ধৰণৰ অনিয়ম সংঘটিত হোৱা নাই বুলিও দাবী কৰে জিপি সিঙে।

তেওঁ কয় যে যুৱকজনৰ অভিযোগ সন্দৰ্ভত তদন্ত চলাই থকা হৈছে যদিও এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই।

অন্যহাতে বৰ্তমান আৰক্ষীয়ে সোধাপোছা চলাই থকা ভিক্টৰ দাসে কয় যে তেওঁ ভাগৰি পৰা নাই আৰু কেতিয়াও নাভাগৰে। তেওঁৰ হাতত যিখিনি তথ্য আছে, সেয়া আৰক্ষী-প্ৰশাসনক প্ৰদান কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ভিক্টৰ দাসে।