
প্ৰাক্তন বিধায়ক ৰবিন বনিক্যৰ দেহাৱসান
November 11, 2022নিউজ ডেস্ক। অসম গণ পৰিষদৰ দলৰ জ্যেষ্ঠ নেতা, অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰবিন বনিক্যৰ দেহাৱসান।
মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৭৭ বছৰ।
তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।

শুকুৰবাৰে পুৱা ৭:৩০ মান বজাত বঙাইগাঁওৰ এখন ব্যক্তিগত হস্পিতালত প্ৰাক্তন অগপ বিধায়ক গৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে।

প্ৰয়াত ৰবিন বনিক্য অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা ২ বাৰকৈ অগপ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।