
প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান
January 28, 2021ৰিপ’ৰ্টঃ অৰুপ কুমাৰ ৰায়। পুৱতি নিশা নিয়তিৰ ওচৰত হাৰ মানিলে দেৰগাওঁ সমষ্টিৰ প্ৰাক্তণ বিধায়িকা আৰতি হাজৰিকা কছাৰীয়ে ।

কংগ্ৰেছ নেত্ৰী গৰাকীয়ে পুৱতি নিশা ২ বাজি ১৫ মিনিটত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয়।
পুৱতি নিশা হঠাৎ অসুষ্ঠ হৈ পৰাত দেৰগাঁও ত্ৰিশ খন যুক্ত চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱতি লয় জেষ্ঠ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।
প্ৰাক্তণ বিধায়িকা গৰাকীৰ মৃত্যুত সমগ্ৰ দেৰগাৱঁতে এতিয়া শোকৰ ছাঁ পৰাৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।
২০১১ ৰ পৰা ২০১৬ চনলৈকে দেৰগাওঁ সমষ্টিৰ বিধায়িকাৰ আসন অলংকৃত কৰা আৰতি হাজৰিকা কছাৰী আছিল অসম চৰকাৰৰ সংসদীয় সচিব ।
বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদিকাৰ দায়িত্বত থকা প্ৰয়াত নেত্ৰী গৰাকী আছিল একালৰ দেৰগাওঁ নগৰ সমিতিৰ সভানেত্ৰী ।