প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি জৰিমনা ভৰিলে প্ৰেমিকে! ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা

নিউজ ডেস্ক। এক বাইক ষ্টাণ্টৰ দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটো বেচ আকৰ্ষণীয়। কিয়নো বাইক ষ্টাণ্টত এহাল প্ৰেমিক-প্ৰেমিকাই দেখুৱালে কিছু ৰেহ-ৰূপ।

সেই দৃশ্য গুজৰাটৰ চুৰাটৰ। দৃশ্যটোত দেখা অনুসৰি, প্ৰেমিক-প্ৰেমিকাই বাইক ষ্টাণ্ট কৰি ৰোমাঞ্চত মগ্ন হৈছে। প্ৰদৰ্শন কৰিছে বিশেষ ভংগিমা। আনকি প্রেমিকে মাজতে নিজৰ কোলাত বহুৱাইয়ো লৈছে প্ৰেমিকাক।

নিজৰ চখ আৰু জনপ্ৰিয়তাৰ বাবে প্ৰেমিক-প্ৰেমিকাই এই কাৰ্য কৰিছিল যদিও বৰ্তমান এই দৃশ্য সামাজিক মাধ্যমত যিমানেই ভাইৰেল হৈছে, সিমানেই এতিয়া বিপদ বাঢ়িছে দুয়ো প্ৰেমিক-প্ৰেমিকাৰ!

এই ষ্টাণ্টৰ দৃশ্য এতিয়া আৰক্ষীৰ হাতত পৰাৰ পিছতেই দুই প্ৰেমিক-প্ৰেমিকাৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিছে ব্যৱস্থা। যাৰ ফলত সামাজিক মাধ্যমতে নিজৰ দোষ স্বীকাৰ কৰিবলৈ বাধ্য হৈছে দুয়ো।

জানিব পৰা মতে, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টো কৰা হৈছিল ৬ দিনৰ পূৰ্বে ।

আব্দুল ৰহমান মহম্মদ ইমটিয়াজ নামৰ যুৱকজনে এগৰাকী যুৱতীৰ সৈতে বাইক চলাই আছিল। পৰৱৰ্তী সময়ত সেই যুৱতীৰাকী তেওঁৰ হ’বলগীয়া পত্নী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ৰাজপথত বাইক ষ্টাণ্ট কৰাৰ বাবে যুৱকজনৰ বিৰুদ্ধে ২৭৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। ইয়াৰোপৰি বাইক চলোৱাৰ সময়ত চালক আৰু আৰোহী এজনেও পৰিধান কৰা নাছিল হেলমেট। আনকি মাস্কো পৰিধান কৰা নাছিল কোনোজনে।

খবৰ অনুসৰি, যুৱকজন বাণিজ্য বিভাগৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰ। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত ৰাজপথত প্ৰদৰ্শন কৰা ষ্টাণ্টৰ বাবে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে খুজিছে ক্ষমা।

যুৱক জনে কয় যে, “আমি কি ভুল কৰিছো বুজি পোৱা নাই, কিন্তু মই এইটো স্বীকাৰ কৰো যে হেলমেট পৰিধান নকৰাকৈ আমি ষ্টান্ট কৰা উচিত নাছিল।’

লগতে চাওকঃ

হেলমেট পৰিধান নকৰাকৈ বাইক ষ্টান্ট কৰিলে যুৱতীয়ে! ভিডিঅ’ ভাইৰেল হােৱাৰ গােচৰ ৰুজু আৰক্ষীৰ

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

ক’ভিড-১৯ আক্ৰান্ত হৈয়ো JEE-2021 ত শীৰ্ষস্থান লাভ কৰা অসমৰ ৰঞ্জিভ প্ৰবাল দাস এলন মাস্কৰ অনুগামী

বলিউডৰ ছবিত অভিনয় অসমৰ এগৰাকী ১০২ বছৰীয়া আইতাৰ! শ্বুটিঙৰ বাবে শ্বিলঙলৈ

Leave a Comment