পৰীক্ষা কেন্দ্ৰত গাফিলতি! গ্ৰেপ্তাৰ হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথ

নিউজ ডেস্ক। অসম চৰকাৰে চতুৰ্থ বৰ্গৰ ১৩,৩੦੦ টা পদ পূৰণৰ বাবে দেওবাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ চলি থকাৰ মাজতে অঘটন।

পৰীক্ষা কেন্দ্ৰত প্ৰ’টকল ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হ’বলগা হ’ল পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা মহাবিদ্যালয়ৰ অধ্যক্ষ।

এই মহাবিদ্যালয় অধ্যক্ষগৰাকী হৈছে শিলচৰৰ কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথ।

জানিব পৰা মতে, কাছাৰ জিলা উপায়ুক্ত ৰােহন ঝাৰ এজাহাৰৰ ভিত্তিতে ডঃ সিদ্ধাৰ্থ শংকৰ নাথক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা ল’বলৈ নিৰ্দেশনা জাৰি কৰিছিল।

এই নিযুক্তি পৰীক্ষাৰ বাবে শিলচৰৰ কাছাৰ মহাবিদ্যালয়তাে এটা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছিল জিলা প্ৰশাসনে।

কিন্তু কাছাৰৰ জিলা উপাযুক্ত ৰোহন ঝাই কাছাৰ মহাবিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীয়ে প্ৰ’টকল ভংগ কৰাৰ লগতে একাধিক গুৰুতৰ বিসংগতি প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতে কেন্দ্ৰৰ দায়িত্বত থকা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ নাথক উপায়ুক্তই মাতি পঠিয়াই।

ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিতেই কাছাৰ আৰক্ষীয়ে অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথক গ্ৰেপ্তাৰ কৰে।

বৰ্তমানে তেওঁক শিলচৰ সদৰ থানাত জেৰা কৰিছে আৰক্ষীৰ উৰ্ধতন বিষয়াই।

তেওঁৰ স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে পৰীক্ষা অব্যাহত থকাৰ মাজতে এনেদৰে এগৰাকী পৰীক্ষা কেন্দ্ৰৰ দায়িত্বশীল মহাবিদ্যালয়ৰ অধ্যক্ষ আটক হােৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

নিযুক্তি পৰীক্ষাত গাফিলতিৰ অভিযােগত গ্ৰেপ্তাৰ হােৱা কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষক আৰক্ষীৰ দীৰ্ঘ সময় জেৰা, মাজনিশা জামিনত মুক্তি লাভ ডঃ সিদ্ধাৰ্থ শংকৰ নাথৰ

চিকিৎসকে এপইণ্টমেন্ট ল’বলৈ কােৱাৰ বাবে ধৈৰ্য্যচ্যুতি ঘটিল এগৰাকী মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, ইয়াৰ পিছতে সংঘটিত কৰা এই কাণ্ড বন্দী হ’ল CCTV কেমেৰাত…