ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবদ ঘােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা

ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবদ ঘােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা

September 17, 2022 Off By NEWS DESK

নিউজ ডেস্ক। দুৰ্নীতি নিবাৰকৰ ধাৰাবাহিক অভিযানৰ পাছতাে অভ্যাস সলনি হােৱা নাই একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ।

পুনৰ কামৰ বিনিময়ত উৎকােচ দাবী কৰি ৰঙাঘৰৰ আলহী হ’বলগা হ’ল এগৰাকী চৰকাৰী কৰ্মচাৰী।

এইবাৰ অভিযান চলিল যােৰহাট স্থিত জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত।

ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত উৎকােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা।

জাহ্নৱী কলিতাক হাতে-লােটে গ্ৰেপ্তাৰ কৰে ভিজিলেন্সৰ অভিযানকাৰী দলে।

উল্লেখ্য যে যোৰহাট স্থিত অসম চৰকাৰৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত শনিবাৰে অভিযান চলায় সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে।

এই অভিযানতে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন জনােৱা এজন লােকৰ পৰা উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ হয় কাৰ্যালয়টােৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা।

সম্প্ৰতি কাৰ্যালয় চৌহদতে ধৃত জাহ্নৱী কলিতাক জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

এই অভিযানৰ কথা টুইট কৰি প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।