ফুড ডেলিভাৰী বয়ৰ পৰা অল কায়দালৈ! কূটাঘাতৰ পূ্ৰ্বে বাংগালুৰুত গ্ৰেপ্তাৰ অসমৰ আখতাৰ হুছেইন…

নিউজ ডেস্কঃ অসমৰ সংখ্যালঘু অধ্যুষিত চৰাঞ্চলসমূহত বাংলাদেশৰ জেহাদী নেটৱৰ্কৰ সদস্য অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে এইবাৰ সুদূৰ বেংগালুৰুত গ্ৰেপ্তাৰ হৈছে অল কায়দাৰে সম্পৰ্ক থকা অসমৰ এগৰাকী যুৱক।

কৰ্ণাটকৰ ৰাজধানী বাংগালুৰত ফুড ডেলিভাৰী বয় হিচাপে কৰ্মৰত অসমৰ আখতাৰ হুছেইন নামৰ যুুৱকজনক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰে সৈতে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, ২০২০ চনত কৰ্মৰ সন্ধানত অসমৰ পৰা বাংগালুৰুলৈ গৈছিল আখতাৰ হুছেইনে।

তাৰ পিছতে ডেলিভাৰী বয় হিচাপে কাম কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে।

কিন্তু ইয়াৰ মাজতে হঠাতে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ভাষণ শুনি নিজেও সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত হোৱাৰ প্ৰতি আগ্ৰহী হৈ উঠে আখতাৰ হুছেইন।

আৰক্ষীয়ে সদৰী কৰা মতে, আখতাৰ হুছেইনে ডেলিভাৰী বয় হিচাপে গোটেই বাংগালুৰু চহৰ ঘূৰিছিল। আৰু সেই সুযোগতে বাংগালুৰৰ এক মানচিত্ৰ প্ৰস্তুত কৰি কূটাঘাতৰ বাবে কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনলৈ প্ৰেৰণ কৰিছিল।

কিন্তু আখতাৰে কোনো কূটাঘাত সংঘটিত কৰাৰ পূৰ্বেই নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই বাংগালুৰু আৰক্ষীয়ে বিটিপি এলেকাৰ তিলক নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক।

কৰ্ণাটকৰ কেন্দ্ৰীয় অপৰাধ শাখাৰ আৰক্ষীয়ে আখতাৰক গ্ৰেপ্তাৰ কৰাৰ পিচতেই তেওঁক আদালতত হাজিৰ কৰি দহ দিনৰ বাবে নিজৰ জিম্মাত লয়।

অপৰাধ শাখাৰ আৰক্ষীয়ে আখতাৰৰ সৈতে একেটা ভাড়াঘৰত থকা তিনি বন্ধুকো জেৰা চলায় যদিও পিচত তেওঁলোকক যাবলৈ দিয়ে।

ইফালে আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি অনুসৰি, আখতাৰ হুছেইনে আন আন সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ভাষণ শুনিয়েই সন্ত্ৰাসবাদৰ প্ৰতি উদ্বুদ্ধ হৈছিল।

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ সৈতেও সম্পৰ্ক আছিল আখতাৰৰ। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদ সমৰ্থিত পোষ্ট কৰি বাংগালুৰত সন্ত্ৰাসবাদ শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল অসমৰ আখতাৰ হুছেইনে।

আৰক্ষীয়ে ইতিমধ্যে সন্ত্ৰাসবাদী জনৰ পৰা ৩টা মোবাইল ফোনৰ লগতে ২০ জিবি আপত্তিজনক ডাটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা ডাটা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীৰ জেৰাত ধৃত সন্ত্ৰাসবাদী আখতাৰে কয় যে ভাৰতত মুছলমানৰ ওপৰত হিন্দুৱে আক্ৰমণ চলাই আহিছে। ইয়াৰ ফলত মুছলমানৰ শান্তি বিনষ্ট হৈছে। এনে পৰিপ্ৰেক্ষিততে তেওঁ সন্ত্ৰাসবাদী সংগঠনত যোগদানৰ ইচ্ছা ব্যক্ত কৰিছিল।

ইফালে সামাজিক মাধ্যমত কাশ্মীৰ স্বাধীন হোৱাৰ দাবীৰ লগতে দেশত শ্বৰীয়ত আইন (মুছলিম ব্যক্তিগত আইন) কাৰ্যকৰী কৰাৰ দাবীৰে বহু পোষ্ট কৰি আহিছিল আখতাৰে।

আখতাৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে পৰৱৰ্তী সময়ত তামিলনাডুৰ ভেলোৰৰ পৰা জুবা আব্দুল আলী মণ্ডল নামৰ আন এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

লগতে চাওকঃ

এইখন অসমৰে ঘটনা! ফেচবুক প্ৰেমিকাৰ সৈতে ঠিক হৈছিল জিতুলৰ বিয়াৰ দিন, বিয়াৰ এসপ্তাহ পূৰ্বে ভাৱী পত্নীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড…