ফেচবুক প্ৰেম, ঠিক হ’ল বিয়াৰ দিন! বিয়াৰ এসপ্তাহ পূৰ্বে জিতুলৰ প্ৰেয়সীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড…

ফেচবুক প্ৰেম, ঠিক হ’ল বিয়াৰ দিন! বিয়াৰ এসপ্তাহ পূৰ্বে জিতুলৰ প্ৰেয়সীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড…

July 26, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশ, বিহাৰত সঘনাই সংঘটিত হােৱা ঘটনা এইবাৰ সংঘটিত হ’ল অসমত।

ফেচবুকৰ জৰিয়তে প্ৰথম প্ৰেম আৰু তাৰ পিছতে প্ৰেয়সীৰ সৈতে সামাজিক ব্যৱস্থাৰ মাজেৰে ঠিক হৈছিল গহপুৰৰ ডুবিয়াবৰী গাঁৱৰ জিতুলৰ বিয়াৰ দিন।

কিন্তু বিয়াৰ মাজত এসপ্তাহৰাে কম দিন থাকােতে জিতুলৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ভাৱী পত্নীয়ে।

জানিব পৰা মতে, ডেৰ বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে বন্ধুত্ব হৈছিল শিৱসাগৰ জিলাৰ খনামুখ সোতৰহাবিৰ প্ৰণামী গগৈ নামৰ যুৱতীৰ।

ডেৰ বছৰ ধৰি তেওঁলোকৰ মাজত প্ৰেম চলিল। তাৰ পিছতে এদিন ঘৰলৈ প্ৰণামীক পলুৱাই লৈ আহিল জিতুল ৰাজখোৱাই।

প্ৰথমে কিছু আপত্তি কৰিছিল জিতুলৰ পৰিয়ালে। কিন্তু ল’ৰাই ছোৱালী আনিছেই যেতিয়া ঘৰলৈ ওভতাই পঠিওৱাটো উচিত নহয়।

সেয়ে দিন বাৰ ঠিক কৰি আৰম্ভ হ’ল জিতুল-প্ৰণামীৰ বিয়াৰ প্ৰস্তুতি।

কইনাৰ ডিঙি, হাত শুৱনি কৰিবলৈ গঢ়া হ’ল সোণৰ গহনা।

ইটো সিটোকৈ সকলো যা-যোগাৰ সম্পন্ন কৰা হ’ল। বিয়ালৈ আৰু বেছিদিন নাই।

অহা ৩১ জুলাই, অৰ্থাৎ দেওবাৰেই সমাজক সাক্ষী কৰি বিয়াত বহাৰ কথা আছিল জিতুল আৰু প্ৰণামীয়ে।

বিয়া বুলি আগতীয়াকৈয়ে জিতুলৰ ঘৰলৈ আহিছিল প্ৰণামীৰ ভগ্নীও। কিন্তু বিয়াৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে ঘটিল এক অঘটন। যাৰ বাবে এতিয়া মূৰে-কপালে হাত দিছে জিতুল আৰু পৰিয়ালে।

বিয়ালৈ মাজত আৰু এটা সপ্তাহ বাকী থকা সময়তে সোমবাৰে নিশা ঘৰৰ পৰা উধাও হ’ল জিতুলৰ হ’বলগীয়া পত্নী আৰু খুলশালী।

লগত লৈ গ’ল বিয়ালৈ বুলি কিনি থোৱা পাট-মুগাৰ মেখেলা চাদৰ, গঢ়াই থোৱা সোণৰ গহনা আৰু নগদ ১৫ হাজাৰ টকাৰ লগতে এটা মোবাইল ফোন।

ডেৰ বছৰীয়া প্ৰেমৰ পৰিণাম এনেদৰে লাভ কৰি মূৰে-কপালে হাত দিছে জিতুল ৰাজখোৱাই।

জিতুলে অভিযােগ কৰা অনুসৰি, নিশা তেওঁৰ পৰিয়ালৰ লােকক অচেতন কৰি এই চুৰিকাণ্ড সংঘটিত কৰে ভাৱী পত্নীয়ে।

প্ৰেয়সীৰ পলায়নৰ পিছত এতিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে জিতুল আৰু তেওঁৰ পৰিয়ালে।

প্ৰেমৰ জালত পেলাই এনেদৰে এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে ৰাজ্যত এনে ঘটনা কােনাে নতুন কথা নহয় যদিও অসমত এনে ঘটনা তেনেই বিৰল।

এতিয়া ন্যায়ৰ অপেক্ষাত জিতুলে বিচাৰিছে আৰক্ষীৰ সহায়।