বন আইন উলংঘা! মুখ্যমন্ত্ৰী, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দুই সচেতন নাগৰিকৰ

বন আইন উলংঘা! মুখ্যমন্ত্ৰী, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দুই সচেতন নাগৰিকৰ

September 25, 2022 Off By NEWS DESK

নিউজ ডেস্ক। বিতৰ্কত মাজত সােমাই পৰিছে সদগুৰুৰ কাজিৰঙা ভ্ৰমণ।

শনিবাৰে এন্ধাৰ হােৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক জীপত উঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ সচেতন লােকে।

এনে কাৰ্যৰ জৰিয়তে বন আইন ১৯৭২ ভংগ কৰাৰ অভিযােগ তুলি তিনিওজনৰ বিৰুদ্ধে বােকাখাত থানাত এজাহাৰ দাখিল কৰিছে সোণেশ্বৰ নৰহ আৰু প্ৰৱীণ পেগু নামৰ দুজন গােলাঘাটবাসীয়ে।

বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২উলংঘা কৰাৰ অভিযােগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক জয়ন্ত মল্ল বৰুৱা, জগদীশ জগ্গী বাসুদেৱ (সদগুৰু)ক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে এজাহাৰীকাৰী লােক দুজনে।

এনে নীতি বহিৰ্ভূত কাৰ্যই কাজিৰঙাৰ পৰম্পৰাগত সুৰক্ষা নীতি বেআইনী ভাৱে শিথিল কৰা বুলি এজাহাৰখনত উল্লেখ কৰি এনে প্ৰৱণতাই ভৱিষ্যত দিনত কাজিৰঙাৰ বাবেই ভাবুকি হৈ ৰ’ব বুলি আশংকা কৰা হৈছে।