বহু দিনৰ মূৰত সাক্ষাৎ, মাতৃক সাৱটি ধৰি উচুপি উঠিল মীৰাবাই চানু

নিউজ ডেস্ক। অলিম্পিকত প্ৰথম বাৰৰ বাবে বিজয়ী মুকুট পিন্ধা মীৰাবাই চানুৰ বাবে এয়া আছিল এক আৱেগিক মূহুৰ্ত।

নিজ ঘৰলৈ উভতি আহি অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানু আৱেগিক হৈ পৰিল।

মঙলবাৰে বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁ মাতৃক লগ পায় আৱেগিক হৈ পৰে।

২০১৬ ৰ ৰিঅ’ অলিম্পিক গেমছৰ পিছত কঠোৰ প্ৰশিক্ষণ পদ্ধতিৰ বাবে চানুৱে যোৱা পাঁচ বছৰ ঘৰলৈ সীমিতভাৱেহে আহিছিল। সেয়েহে দীৰ্ঘ সময়ৰ মূৰত মাতৃক দেখি তেওঁ আৱেগিক হৈ পৰে।

বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত চানুৱে তেওঁৰ মাতৃ চাইখোম অংবি টম্বী লেইমা আৰু তেওঁৰ পিতৃ চাইখোম কৃতি মেইটেইক সাৱটি ধৰা দেখা গৈছিল।

সেই সময়ত নিৰাপত্তাৰক্ষীয়ে তেওঁৰ চাৰিওফালে আৱৰি ধৰিছিল। যিটো সময়ত তেওঁৰ চকুৰ পৰা চকুপানী ওলাই আহিছিল। ইয়াৰ পিছতেই তেওঁ ৰাজ্য চৰকাৰৰ হৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যায়।

উল্লেখ্য যে শনিবাৰে ভাৰত্তোলনৰ মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল মীৰাবাই চানুৱে।

খেল প্ৰদৰ্শনৰ সময়ত তেওঁৰ কাণত দেখা পোৱা গৈছিল কাণফুলি। যি কাণফুলি আছিল অলিম্পিক ৰিঙৰ আকৃতিৰ।

অৱশ্যে সেই কাণফুলিৰ দৃশ্য ভাইৰেলো হৈ পৰিছিল। সেই কাণফুলি চানুক উপহাৰ হিচাপে দিছিল তেওঁৰ মাতৃয়ে।

পাঁচ বছৰ পূৰ্বে অৰ্থাৎ ৰিঅ’ অলিম্পিক গেমছৰ পূৰ্বে মাতৃয়ে ভাৰোত্তোলক গৰাকীৰ সৌভাগ্য লাভৰ আশাত নিজৰ সকলো গহনা বিক্ৰী কৰি দিছিল।

ইপিনে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আনুষ্ঠানিকভাৱে চানুক ১ কােটি টকাৰ চেক প্ৰদান কৰে।

Leave a Comment