বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মা আৰু নাই…

নিউজ ডেস্ক৷ অসমৰ বিশিষ্ট বাঁহীবাদ তথা  লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা আৰু নাই৷

১৯৩৫ চনত বৰপেটাৰ সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰা প্ৰভাত শৰ্মাই মংগলবাৰে পুৱা প্ৰায় ৬ বজাত গুৱাহাটীৰ নিজ বাসভৱনতে ৮৫ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে৷

ৰাজ্যত বাঁহীবাদনক অনন্য মাত্ৰা প্ৰদান কৰি বিশিষ্ট শিল্পীজনৰ বিয়ােগত ম্ৰিয়মান হৈ পৰিছে তেওঁ আত্মীয় তথা অসংখ্য গুণমুগ্ধসকল৷

প্ৰয়াত প্ৰভাত শৰ্মা

মৃত্যুৰ সময়ত তেওঁ এৰি গৈছে জনপ্ৰিয় শিল্পী তৰালী শৰ্মাসহ ৩ গৰাকী কন্যা৷

উল্লেখ্য যে প্ৰভাত শৰ্মাই কেইবাখনো অসমীয়া ছবি তথা ভ্ৰাম্যমাণ থিয়েটাৰত সংগীত পৰিচালক হিচাপে সেৱা আগবঢ়াইছিল৷

২੦੦৪ চনত প্ৰয়াত শৰ্মাই সংগীত নাটক অকাডেমি বঁটাও লাভ কৰিছিল৷

ব্লেকমানি, সন্তান, সন্ধাৰাগ আদি ছবি পৰিচালনা কৰিছিল শৰ্মাই।

তেওঁ শিল্পী পেঞ্চন লাভ কৰিছিল৷ লগতে দীৰ্ঘদিন আকাশবাণীত কাৰ্যনিৰ্বাহ কৰিছিল৷

প্ৰভাত শৰ্মাৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন জনে গভীৰ শোক প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীয়ে টুইটাৰত উল্লেখ কৰেঃ যশস্বী সংগীতজ্ঞ, বাঁহীবাদক প্ৰভাত শৰ্মাদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ। অসমৰ সংগীতৰ চহকী যাত্ৰাত তেখেতে যি অনবদ্য অৱদান আগবঢ়াই গৈছে, সেয়া স্মৰণীয় হৈ ৰ’ব। এই শোকৰ মুহূৰ্তত শৰ্মাদেৱৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জনালোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

ইপিনে, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰেঃ বিশিষ্ট সঙ্গীতজ্ঞ, লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ সংগীত নাটক একাডেমী বঁটা প্ৰাপক শৰ্মাদেৱৰ বিয়োগে ৰাজ্যৰ সাংস্কৃতিক জগতখনত এক ৰিক্ত স্থানৰ সৃষ্টি কৰিলে ৷ প্ৰয়াত শৰ্মাদেৱৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ৷

প্ৰভাত শৰ্মাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে নিগাজি পামৰ সেউজ সংঘ, কলাক্ষেত্ৰ, আকাশবাণী গুৱাহাটী, ৰবীন্দ্ৰ ভৱন, সাহিত্য সভা, শ্বহীদ ন্যাসলৈ লৈ যােৱা হয়।

ইয়াৰ পাছতে শেষকৃত্য সম্পন্ন কৰা হ’ব নৱগ্ৰহ শ্মশানত।

Leave a Comment