বাইকৰ সন্মুখত হঠাতে অহা পশুধনক ৰক্ষা কৰিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল সেনা জােৱানৰ

নিউজ ডেস্ক। বাট-পথত ঘূৰি ফুৰা পশুধনৰ বাবে ৰাজ্যত সঘনাই সংঘটিত হয় পথ দুৰ্ঘটনা।

দুদিন পূৰ্বে গােলাঘাট জিলাৰ দেৰগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত পশুধনক ৰক্ষা কৰিবলৈ গৈ এগৰাকী শিক্ষকৰ মৃত্যুৰ ঘটনাৰ পিছতে এইবাৰ গুৱাহাটীত সংঘটিত হ’ল অনুৰূপ ঘটনা য’ত প্ৰাণ গ’ল এগৰাকী সেনা জােৱানৰ।

বাইকেৰে নিজ কৰ্তব্যত যোগ দিবলৈ যাওঁতেই সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় সুজু চন্দ নামৰ এগৰাকী কৰ্তব‍্যৰত সেনা জোৱানে।

প্ৰাপ্ত তথ্য মতে, ৰাস্তাত তেওঁৰ বাইকৰ সন্মুখত আহি পৰা এটা গৰুৰ প্ৰাণ বচাবলৈ যাওঁতেই বাইকখনে এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সুজু।

স্থানীয় লোকসকলে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ৰাতিলৈ তেওঁ মৃত‍্যুমুখত পৰে।

এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সুজুৰ ঘৰ উত্তৰ ২৪ পৰগণাৰ অশোকনগৰ পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ ৰামকৃষ্ণ সেৱা সমিতি ক্লাব অঞ্চলত। তেওঁৰ বাতৰিয়ে এতিয়া পৰিয়ালটোত শোকৰ ছাঁ পেলাইছে।

পৰিয়ালৰ সূত্ৰ অনুসৰি, তেওঁ তিনি বছৰ ধৰি অসমৰ গুৱাহাটীত কাম কৰি আছিল। কেইদিনমানৰ পিছতে, তেওঁ ছুটি লৈ ঘৰলৈ যোৱাৰ কথা আছিল। কিন্তু ভাগ‍্যৰ সৈতে যুজঁত ঘৰলৈ উভতিব লগা হ’ল কফিনত।

তেওঁৰ মৃত্যুত এতিয়া ভাগি পৰিছে পত্নী সহ পৰিয়ালৰ লোক।

পতিৰ এই মৃত‍্যুত নিঠৰুৱা হোৱা মহিলাগৰাকীৰ প্ৰতি উপযুক্ত সহায় সহযোগ আগবঢ়াবলৈকো স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে চৰকাৰক অনুৰোধ জনাইছে ।

Leave a Comment