বাইক চলাব নজনা ২০ বছৰীয়া পুত্ৰই মাতৃৰ পৰা বিচাৰিলে এটা হেলমেট, কাৰণ জানি আচৰিত হ’ব আপুনিও!

নিউজ ডেস্ক। হেলমেট আপুনি কিয় পিন্ধে?

ভাৰতত যান-বাহন আইন উলংঘন কৰাটো এক সাধাৰণ বিষয়। চিটবেল্ট পৰিধান নকৰাৰ বাবেই হওক, একেখন বাইকত তিনিজনকৈ আৰোহী উঠাৰ বাবেই হওক, দৈনিক জৰিমণা বিহা হয় হাজাৰ হাজাৰ বাহন চালকক।

বহুতে আকৌ হেলমেট পৰিধান কৰে ঠিকেই, কিন্তু সুৰক্ষাৰ বাবে নহয়, কেৱল জৰিমণা ভৰাৰ পৰা বাচি থাকিবলৈকেহে।

যান-বাহন আইনৰ উপেক্ষা বা নিজৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি অৱহেলাৰ বাবে প্ৰতি বছৰে সংঘটিত হয় লাখ লাখ দুৰ্ঘটনা। কিন্তু এফালে যেনেকৈ আইন উলংঘনকাৰী আছে, আনফালে আছে আইন উলংঘা কৰিব নিবিচৰা লোকো।

শেহতীয়াকৈ এজন ২০ বছৰীয়া যুৱকৰ এনে এক কাহিনীয়ে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। নিজৰ এখন বাইক নথকা অথবা বাইক চলাব নজনা যুৱকজনে তেওঁৰ মাতৃক এটা হেলমেট কিনি দিবলৈ জনোৱা অনুৰোধে স্বাভাৱিকতে নেটিজনেৰ মন চুই গৈছে।

পুনেৰ আইএলএছৰ মানসিক স্বাস্থ্য আইন আৰু নীতি কেন্দ্ৰৰ সঞ্চালক সৌমিত্ৰ পাথাৰে তেওঁৰ ২০ বছৰীয়া পুত্ৰৰ বিষয়ে শ্বেয়াৰ কৰিছে এই কাহিনী। টুইটাৰত পাথাৰে লিখিছে, “আমাৰ ২০ বছৰীয়া পুত্ৰই এটা অস্বাভাৱিক অনুৰোধ কৰিছিল। তেওঁৰ মাকক তেওঁক হেলমেট কিনিবলৈ কৈছিল।”

পাথাৰেয়ে পুত্ৰৰ এই কাহিনী শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

নিজৰ বাইক নথকা বা বাইক চলাব নজনা যুৱকজনে নিজৰ সুৰক্ষাৰ প্ৰতি দেখুওৱা আগ্ৰহ আৰু যান-বাহন আইন পালন কৰাৰ প্ৰৱণতাক প্ৰশংসা কৰিছে অনেকে।

লগতে চাওকঃ

দৰাৰ গালত কাণতলীয়া চৰ কইনাৰ! কাৰণ জানি আচৰিত হ’ব আপুনিও, ভাইৰেল ভিডিঅ’…

Leave a Comment