বাঘৰ সৈতে যুঁজি ১৫ মহীয়া সন্তানৰ জীৱন ৰক্ষা এগৰাকী মাতৃৰ…

বাঘৰ সৈতে যুঁজি ১৫ মহীয়া সন্তানৰ জীৱন ৰক্ষা এগৰাকী মাতৃৰ…

September 5, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বাঘৰ মুখৰ পৰা নিজৰ কণমানি সন্তানক ৰক্ষা কৰি অদম্য সাহসৰ পৰিচয় দিলে এগৰাকী মাতৃয়ে। হিংস্ৰ বাঘৰ সৈতে যুঁজি নিজৰ সন্তানক বচাবলৈ গৈ নিজেও আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় মহিলাগৰাকী।

মাতৃ-পুত্ৰক বাঘৰ আক্ৰমণৰ এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ উমৰীয়া জিলাৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ অৰণ্যৰ গাতে লাগি থকা ৰোহনীয়া জ্বালামুখী গাঁৱত।

জানিব পৰা মতে, গাঁওখনৰ ভোলা চৌধুৰীৰ পত্নীয়ে নিজৰ ১৫ মহীয়া সন্তানটোক লৈ ঘৰৰ কাষৰে হাবিখনলৈ পুৱা শৌচ কৰিবলৈ যাওতেই কণমানি শিশুটিক আক্ৰমণ কৰে এটা বাঘে।

তৎমুহূৰ্ততে মাতৃয়ে শিশুটিক বচাবলৈ বাঘৰ সৈতে আপ্ৰাণ যুঁজ দিয়ে। বাঘে মহিলাগৰাকীৰ বুকুৱে মুখে আঁচুৰি ৰক্তাক্ত কৰে যদিও কোনো পধ্যেই যেন নিজক সন্তানক বাঘৰ মুখত এৰিবলৈ মান্তি নহ’ল মাতৃ। যাৰ ফলত অৱশেষত বাঘেই পৰাজয় স্বীকাৰ কৰি শিশুটিক এৰি সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়।

ইফালে মহিলাগৰাকীৰ চিৎকাৰত পৰৱৰ্তী সময়ত সেই স্থানত স্থানীয় লোক গোট খাই গুৰুতৰভাৱে আহত মহিলা আৰু শিশুটিক চিকিৎসাৰ বাবে মানপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ প্ৰেৰণ কৰে।

সমান্তৰালভাৱে বাঘৰ উপস্থিতিৰ বিষয়ে বন বিভাগক ৰাইজে অৱগত কৰাত ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ হাতীৰ সহায়ত বাঘটো খেদি পঠিয়াবলৈ চেষ্টা চলায়।

অতি সাহসেৰে বাঘৰ মুখৰ পৰা সন্তানক ৰক্ষা কৰা মহিলাগৰাকীক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। লগতে অঞ্চলটোত বাঘৰ উপস্থিতিয়ে গাঁওবাসীৰ মাজত আতংকৰো সৃষ্টি কৰিছে।