বানপানীত মাজতে চহৰত প্ৰৱেশ ঘৰিয়ালৰ, কান্ধত উঠাই ছেল্ফি একাংশৰ!

নিউজ ডেস্ক। মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত দেখা গ’ল এক আচৰিত দৃশ্য।

দৃশ্যটো বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

বৰ্তমান মধ্য প্ৰদেশৰ কেইবাখনো জিলাত বানে প্ৰভাৱিত কৰিছে। সেই সমূহৰ ভিতৰত শিৱপুৰীও অন্যতম।

জিলাখনত বানৰ ফলত এটা প্ৰকাণ্ড ঘৰিয়াল আহি প্ৰৱেশ কৰে এখন গাৱঁত।

বিশাল আকাৰৰ ঘৰিয়ালটোক প্ৰত্যক্ষ কৰি গাৱঁৰ এচাম লোকে ধৰিবলৈ চেষ্টা কৰে।

ঘৰিয়ালটো ধৰি তেওঁলোকে ৰছীৰে বান্ধি পেলাই। আৰু তাৰ পিছতেই তেওঁলোকে ঘৰিয়ালটো কান্ধত তুলি ছেলফি লবলৈ আৰম্ভ কৰে।

সেই দৃশ্য তেওঁলোকে শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। যাৰ ফলত বুধবাৰে ভাইৰেল হৈ পৰে দৃশ্যটো।

ছেলফি লোৱাৰ পিছতেই তেওঁলোকে ঘৰিয়াল টো মাটিত নমাই বান্ধি থৈ দিয়ে আৰু কিছু সময়ৰ পিছত তেওঁলোকে পানীত মুখ বন্ধা ভাগেই এৰি দিয়ে ঘৰিয়ালটোক।

পৰৱৰ্তী সময়ত স্থানীয় লোকে এই সন্দৰ্ভত খবৰ দিয়ে বন বিভাগক।

বন বিভাগৰ লোক আহি উদ্ধাৰ কৰে ঘৰিয়ালটোক। আৰু তেওঁলোকে ঘৰিয়ালটোক নি এৰি দিয়ে এখন নদীত।

বন বিভাগৰ লোকে জনোৱা অনুসৰি, বানৰ বাবে কেইবা ঠাইতো উদ্ধাৰ হৈছে ঘৰিয়াল।

সেয়েহে তেওঁলোকে এনে প্ৰাণীক দেখিলে আক্ৰমণ নকৰিবলৈ আহ্বান জনাইছে সকলোকে। সেয়েহে বিভাগে এটা ট’ল ফ্রী নম্বৰ প্ৰচাৰ কৰিছে ৰাজ্যখনত।

Leave a Comment