
বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত, কথমপি প্ৰাণৰক্ষা পাইলটৰ
October 21, 2021নিউজ ডেস্ক। মধ্য প্ৰদেশৰ ভিন্দ জিলাত বায়ু সেনাৰ যুঁজাৰু বিমান মিৰাজ ২০০০ দুৰ্ঘটনাগ্ৰস্ত হয়।
ঘটনাটো বৃহস্পতিবাৰে পুৱা দেহাট আৰক্ষী থানা অন্তৰ্গত বাগদি গাঁৱত সংঘটিত হয়। অৱশ্যে নিৰাপদে ৰক্ষা পৰে বিমানখনৰ পাইলট।
জানিব পৰা মতে, বিমানখন ফ্লাইট লেফটেনেণ্ট অভিলাষৰ দ্বাৰা উৰোৱা হৈছিল। দুৰ্ঘটনাত তেওঁ আঘাতপ্ৰাপ্ত হয়।
ঘটনাৰ পিছতেই তেওঁক চিকিৎসাৰ বাবে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। স্থানীয় আৰক্ষীয়ে ঘটনাটো গোৱালিয়ৰৰ এয়াৰবেচ কৰ্তৃপক্ষক জনায়। আৰু খবৰ লাভ কৰাৰ পিছতেই বায়ু সেনাৰ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হয়। ভিন্দ জিলাৰ আৰক্ষী অধীক্ষকো ঘটনাস্থলীত উপস্থিত হয়।
भिंड में मिराज में ख़राबी आने के बाद जाबांज पायलट अभिलाष सुरक्षित तरीक़े से बाहर निकल आये..#Crash #IAF @ABPNews pic.twitter.com/uu4pwY2q1z
— Brajesh Rajput (@brajeshabpnews) October 21, 2021
স্থানীয় লোকে জনোৱা অনুসৰি, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত তেওঁলোকে ডাঙৰ শব্দ শুনিবলৈ পাইছিল।
গাওঁবাসীয়ে তেতিয়া পথাৰৰ ফালে দৌৰি গৈছিল। তেওঁলোকে পথাৰখনত এটা গভীৰ গাঁত দেখা পাইছিল। সেই সময়তে বিমানখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়। লাহে লাহে ঘটনাস্থলীত গাওঁবাসীৰ এক বৃহৎ ভিৰ হৈছিল।
সূত্ৰ অনুসৰি, কাৰিকৰী বিজুতিৰ কাৰণে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা যায়। অৱশ্যে অনুসন্ধানৰ পিছতহে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ প্ৰকাশ হ’ব।
An IAF Mirage 2000 aircraft experienced a technical malfunction during a training sortie in the central sector this morning. The pilot ejected safely. An Inquiry has been ordered to ascertain the cause of the accident.
— Indian Air Force (@IAF_MCC) October 21, 2021
উল্লেখ্য যে গাওঁবাসীয়ে বিমানৰ পাইলটজনক পেৰাচুটৰ পৰা নামি অহা দেখা পাইছিল। উপস্থিত বহুতে পাইলটজনৰ সেই দৃশ্য মোবাইল কেমেৰাত বন্দী কৰি এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল।
#MadhyaPradesh
— Ayush Mishra 🇮🇳 (@MAyush2204) October 21, 2021
भिंड में वायुसेना का एक ट्रेनर एयरक्राफ्ट हुआ क्रैश
पायलट अभिलाष सुरक्षित#Crash #IAF pic.twitter.com/246Vr2dZlS
ভিডিঅ’টো দেখি অনুমান কৰিব পৰি যে কেনেকৈ বিমানখনৰ পাইলটজনে কাৰিকৰী বিজুতি অনুভৱ কৰাৰ পিছত পেৰাচুটৰ দ্বাৰা নামি আহিছিল।
বায়ু সেনাই জনোৱা অনুসৰি, মিৰাজ ২০০০ বিমানখনৰ বৃহস্পতিবাৰে পুৱা কেন্দ্ৰীয় অঞ্চলত এক প্ৰশিক্ষণ উৰণৰ সময়ত কাৰিকৰী বিজুতিৰ উদ্ভৱ হয়।
পাইলটজন সুৰক্ষিতভাৱে বিমানৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ এটা তদন্তৰ নিৰ্দেশ দিয়া হৈছে।