বাল্য বিবাহৰ নামত ৮২ হাজাৰ টকাৰ উৎকোচ লৈছিল অ’চি আব্দুল বাৰেকে! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কৰা হ’ল ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্কঃ মুকলি কৰি দিয়াৰ বাবদ অভিযুক্তৰ পৰা ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক।

বাল্য বিবাহ সম্পন্ন কৰিব বিচৰা দুটা পৰিয়ালৰ পৰা ধন দাবী কৰি উৎকোচ লৈছিল আৰক্ষী বিষয়া আব্দুল বাৰেকে।

এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে নলবাৰীৰ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথে দুৰ্নীতিগ্ৰস্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি ৰিজাৰ্ভ ক্ল’জ কৰে।

জানিব পৰা মতে, কিছুদিন পূর্বে শিয়ালমাৰী থানাৰ অন্তৰ্গত বৰবালা চৰত অনুষ্ঠিত হোৱা এখন বাল্য বিবাহৰ খবৰ লাভ কৰিছিল শিয়ালমাৰী থানাৰ অ’চি আব্দুল বাৰেকে।

ইয়াৰ পিছতে তেওঁ মিৰ হুছেইন আৰু কিতাপ আলী নামৰ দুজন স্থানীয় দালাকক লগত লৈ আৰক্ষী জোৱানসহ বিবাহস্থলীত উপস্থিত হয়।

আৰক্ষী বিষয়াগৰাকীয়ে বাল্য বিবাহ বন্ধ কৰাৰ নিৰ্দেশ দি দুয়োপক্ষৰ কেইবাজনো লোকক থানালৈ লৈ আনে আৰু ৰাতিটো থানাতে বহুৱাই ৰাখে।

পুৱা দালাল মিৰ হুছেইন আৰু কিতাপ আলীৰ জৰিয়তে আৰক্ষী বিষয়া আব্দুল বাৰেকে এক লাখ টকাৰ ঘোচ বিচাৰি তেওঁলোকক মুকলি কৰি দিব বুলি কয়।

উভয় পক্ষই আলোচনামৰ্মে আৰক্ষী বিষয়াগৰাকীক ৮২ হেজাৰ টকা দিবলৈ মান্তি হয়।

কিন্তু এই ঘটনাৰ কিছুদিন পিছতে আৰক্ষী বিষয়াগৰাকীয়ে উৎকোচ লৈ থকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত নলবাৰীৰ আৰক্ষী অধীক্ষকে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াগৰাকীক তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জ কৰে।

ইফালে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে আৰক্ষী থানাত দালালি কৰা কুৰিহামাৰী গাঁৱৰ মিৰ হুছেইন আৰু কিতাপ আলীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।