বিচিত্ৰ প্ৰকৃতি! বান্দৰ পোৱালিৰ মাতৃ হ’ল কুকুৰ, ৬ মাহ ধৰি একেলগে বাস

নিউজ ডেস্ক। সঁচাই যেন বিচিত্ৰ এই প্ৰকৃতি! প্ৰাকৃতিক জগতত নিতৌ ঘটে বিচিত্ৰ কাহিনী। পুনৰ দেখা গ’ল এক অগতানুগতিক দৃশ্য। যিটো দৃশ্য দেখিলে আপুনিও তবধ মানিব। এইখন অসমতে দেখিবলৈ পোৱা গৈছে এনে বিৰল দৃশ্য।

শিৱসাগৰ জিলাৰ কোনো এক গাঁৱত দেখা দৃশ্য কোনোবাই বন্দী কৰিলে কেমেৰাত। আৰু ইয়াক এৰি দিলে সামাজিক মাধ্যমত। যিটো দৃশ্য এতিয়া হৈ পৰিছে ভাইৰেল।

দৃশ্যটোত দেখা অনুসৰি এজনী কুকুৰ শুই আছে। আৰু শুই থকা কুকুৰ জনীৰ দুগ্ধ পান কৰিছে এটা বন্দৰ পোৱালিয়ে। সঁচাই ই এক আচৰিত দৃশ্য নহয়নে বাৰু?

জানিব পৰা মতে, বান্দৰ পোৱালিটো সৰু অৱস্থাতে আহে কৰবাৰ পৰা। আৰু আহিয়েই সংগ লয় এজনী কুকুৰ আৰু লগত থকা কুকুৰ পোৱালিৰ আৰু তেতিয়াৰ পৰাই কুকুৰৰ পৰিয়ালটোৰ লগতে জীৱন কটাইছে বান্দৰ পোৱালিটোৱে।

প্ৰায় ৬ মাহ ধৰি কুকুৰজনীৰ দুগ্ধ পান কৰি আহিছে বান্দৰ পোৱালিটোৱে। কুকুৰজনীয়েও বান্দৰ পোৱালিটোৰ মাতৃৰ দায়িত্ব পালন কৰি আহিছে ইমান দিনে। খুৱাইছে-বোৱাইছে আৰু যলৈকে গৈছে তালৈকে লগত লৈ ফুৰিছে পোৱালিটোক।

এই দৃশ্যই যেন প্ৰমাণ কৰিছে জন্তুৰো মমতা আছে। জন্তুৱেও যেন প্ৰমাণ কৰিছে মাতৃৰ মমতা। কুকুৰ জনীয়ে যেন পালন কৰিছে মাতৃৰ দায়িত্ব। অৰ্থাৎ ভোকাতুৰ সন্তানৰ ভোক নিবাৰণ কৰাৰ দায়িত্ব।

Leave a Comment