নিউজ ডেস্কঃ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গোৱাত শেষ নিশ্বাস ত্যাগ কৰিলে বিজেপি নেত্ৰী তথা অভিনেত্ৰী সোণালী ফোগাটে। সোমবাৰে নিশা আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ ৪২ বছৰ বয়সত মৃত্যু ঘটে ফোগাটৰ।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/photo1661249137.jpeg?resize=900%2C675&ssl=1)
উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত আদমপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সোণালী ফোগাটে। অৱশ্যে ফলাফলত কংগ্ৰেছৰ কুলদ্বীপ বিষ্ণৈৰ হাতত পৰাস্ত হয় ফোগাট। অৱশ্যে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে কুলদ্বীপ বিষ্ণৈয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/photo1661249138.jpeg?resize=658%2C1024&ssl=1)
বিজেপিৰ নেত্ৰী হোৱাৰ লগতে এগৰাকী টিকটক ষ্টাৰ হিচাপেও জনপ্ৰিয় আছিল সোণালী ফোগাট। তদুপৰি জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছৰ চিজন ১৪তো দেখা গৈছিল সোণালীক।
জনপ্ৰিয়তাৰ সমান্তৰালভাৱে বহুবাৰ বিতৰ্কৰ মাজতো সোমাই পৰিছিল সোণালী ফোগাট। একে সময়তে মৃত্যুৰ পূৰ্বে সোণালী ফোগাটে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰিছিল। টুইটাৰ একাউণ্টত থকাৰ সময়তে তেওঁৰ প্ৰফাইল ছবিও সলনি কৰিছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/photo1661249139.jpeg?resize=682%2C1024&ssl=1)
বিগ বছ ১৪ত দেখা পোৱা সোণালী ফোগাটে প্ৰায়ে নিজৰ নৃত্য ভিডিঅ’ৰ বাবে চৰ্চালৈ আহিছিল। ছ’চিয়েল মিডিয়াত ভাল ফেন ফ’ল’ৱাৰ আছে সোণালীৰ। ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ পোষ্ট কৰিছে সোণালীয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/photo1661249139-1.jpeg?resize=682%2C1024&ssl=1)
সোণালীৰ মৃত্যুত শোক প্ৰকাশ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে টুইট কৰি কয় যে বিজেপি নেত্ৰী সোণালী ফোগাটৰ আকস্মিক মৃত্যু এক অতি দুখজনক খবৰ। প্ৰয়াত ফোগাটৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।