বিদেশত কৰ্মৰত পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মাতৃৰাে মৃত্যু, একেলগে জ্বলিল দুয়ােৰে চিতা

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। একেলগে জ্বলিল মাতৃ তথা পুত্ৰৰ চিতা। বিদেশত থকা পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি মৃত্যু ঘটিল ভাৰতত থকা ৰুগীয়া মাতৃৰ।

জানিবপ পৰা মতে, ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ উদ্দেশ্যে পুত্ৰ গৈছিল ডুবাইত সংস্থাপন বিচাৰি। কিন্তু দুৰ্ভাগ্যবশতঃ কৰ্মস্থলীত কোম্পানীৰ নিয়ম ভংগ কৰি হেৰুৱালে চাকৰি।

ইয়াৰ পাছতে কোম্পানীয়ে তেওঁৰ বিৰুদ্ধে দিলে গোচৰ। ফলত মানসিকভাৱে ভাগি পৰি মৃত্যু হ’ল যুৱকৰ। আৰু পুত্ৰৰ মৃত্যুৰ খবৰ পায় ৰোগীয়া মাতৃৰো হল মৃত্যু। যাৰ ফলত একেলগে নিজ গাঁৱত মাতৃ-পুত্ৰৰ সম্পন্ন হল অন্ত্যেষ্টিক্ৰিয়া।

এই শোকাৱহ ঘটনা সংঘটিত হয় জলন্ধৰৰ ভোগপুৰ অঞ্চলৰ নাংগল আৰিন গাঁৱত। মৃত যুৱকজনক দলজিৎ কুমাৰ (২৮) বুলি জানিব পৰা যায়।

এই সন্দৰ্ভত ডুবাইত থকা চিকিৎসক ডাঃ এছ.এছ.পি. সিং অবেৰয়ে কয় যে, দলজিৎ কুমাৰে তেওঁৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ উদ্দেশ্যৰে দুবছৰ পূৰ্বে ডুবাইলৈ আহিছিল। পৰিয়ালৰ সদস্যসকলৰ মতে দলজিতে কিছুমান কাৰণত তেওঁৰ কোম্পানী এৰিছিল। যাৰ পিছত কোম্পানীটোৱে তেওঁ চুক্তি ভংগ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তাৰ পিছত আন কোনো কামৰ অভাৱৰ বাবে তেওঁ মানসিক চাপত আছিল। কেইদিনমান অসুস্থ হৈ থকাৰ পিছত তেওঁৰ মৃত্যু হয়।

তেওঁ কয় যে ভুক্তভোগীৰ পৰিয়ালে তেওঁৰ সৈতে সামাজিক মাধ্যমত যোগাযোগ কৰিছিল আৰু তেওঁলোকৰ অসহায়তাৰ কথা উল্লেখ কৰি নশ্বৰ দেহ ভাৰতলৈ পৰিবহনৰ বাবে তত্বাৱধান লৈ সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছিল।

সেয়েহে তেওঁ ভাৰতীয় দূতাবাসৰ সৈতে বিশেষ সহযোগিতাত তেওঁৰ ব্যক্তিগত সচিব বলদীপ সিং চাহালৰ তত্বাৱধানত কাগজপত্ৰ সম্পৰ্কীয় কাৰ্য সম্পন্ন কৰিছিল আৰু দলজিতৰ নশ্বৰ দেহ ভাৰতলৈ প্ৰেৰণ কৰিছিল।

সেই অনুসৰি ৰাতিপুৱা ডুবাইৰ পৰা অমৃতসৰৰ শ্ৰী গুৰু ৰামদাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলজিতৰ নশ্বৰ দেহ উপস্থিত হয়। দীৰ্ঘ সময়ৰ পৰা অসুস্থ হৈ থকা মৃত দলজিতৰ মাতৃ নিৰ্মল কৌৰৰো আগ দিনা মৃত্যু হয়। যাৰ বাবে মাতৃ আৰু পুত্ৰৰ একেলগে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Leave a Comment