বিদেশলৈ সৰবৰাহৰ উদ্দেশ্যে অনা ১৭ কোটি টকা মূল্যৰ ৰঙা চন্দন জব্দ

নিউজ ডেস্ক। ভাৰতৰ পৰা চােৰাংভাৱে মূল্যৱান তথা দুষ্প্ৰাপ্য ৰঙা চন্দনৰ ৰপ্তানি অব্যাহত আছে। শেহতীয়াকৈ বিমানৰ জৰিয়তে প্ৰায় ১৭ কােটি টকা মূল্যৰ ৰঙা চন্দন বিদেশলৈ সৰবৰাহ কৰাৰ প্ৰচেষ্টা চলাওঁতে জব্দ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, মুম্বাইৰ আন্ধেৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বহু মূল্যৱান ৰঙা চন্দন।

প্ৰায় ২ টন ওজনৰ ১৭ কোটি মূল্যৰ সামগ্ৰীখিনি ডুবাই হৈ হংকঙলৈ সৰবৰাহৰ উদ্দেশ্যে আনোতেই বিমানবন্দৰৰ সমীপৰ এটা গোদামত উদ্ধাৰ কৰা হয় চন্দনখিনি।

উল্লেখ্য যে ৰঙা চন্দনৰ চাহিদা বিদেশত অত্যধিক। বিশেষকৈ চীন, জাপান আদি দেশত ইয়াৰ চাহিদা বেছি। বিদেশত অত্যধিক মূল্যত সেই সমূহ ক্ৰয় কৰা হয়।

চীন, জাপান, ম্যানমাৰ আৰু পূব এছিয়াৰ ৰাষ্ট্ৰসমূহত ঔষধীয় কাৰণত এই ৰঙা চন্দন ব্যৱহাৰ কৰা হয়। কিন্তু এই মূল্যৱান সামগ্ৰীবিধ অন্ধ্ৰ প্ৰদেশৰ সেশ্বচেলাম বনাঞ্চলতহে পোৱা যায় যাক বৰ্তমান বিলুপ্তপ্ৰায় উদ্ভিদ হিচাপে ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে ৪ জনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা সকল ক্ৰমে, প্ৰসাদ খামকাৰ, মনীষ পট্যানে, নিশান্ত মলহোত্ৰ আৰু হৰিন্দ্ৰ তিৱাৰী। ইয়াৰে প্ৰসাদ খামকাৰ আৰু মনীষ পট্যানে SCA সামগ্ৰী প্ৰতিষ্ঠানৰ সঞ্চালক, নিশান্ত মলহোত্ৰ হৈছে মধ্যভোগী আৰু হৰিন্দ্ৰ তিৱাৰী হৈছে সামগ্ৰীখিনিৰ পৰিবাহক। আটাইকে ভাৰতীয় দণ্ডবিধি, ভাৰতীয় বন আইন আৰু মহাৰাষ্ট্ৰ বন নিয়ন্ত্ৰণ আইন, ২০১৪ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ অপৰাধ শাখাৰ মোহিনী লখান্দেই শনিবাৰে আবেলি চলোৱা এক অনুসন্ধান অভিযানত ধৰাভিৰ টি-ষ্টেচনৰ চিয়ন-মহিম সংযোগী পথত এখন টেম্প’ত এই সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়।

এই সন্দৰ্ভত আৰক্ষী অপৰাধ শাখাৰ উপ-আয়ুক্ত প্ৰকাশ যাদৱে কয় যে, “বেংগালুৰুৰ পৰা মূল্যৱান ৰঙা চন্দন আহি থকা বুলি আমাৰ এক দলে খবৰ লাভ কৰে। সেই অনুসৰি আন্ধেৰীৰ চহৰ পথৰ পৰিশ্বদত থকা সঞ্জয় নগৰ কো-অপাৰেটিভ হাউছিং ছছাইটিৰ গোদামত এইসমূহ উদ্ধাৰ কৰা হয়। প্ৰায় ১৮০০ কিলোগ্ৰাম ৰঙা চন্দন উদ্ধাৰ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত যিখিনি সামগ্ৰীৰ প্ৰতি কিলোৰ মূল্য ৫০ হাজাৰ টকা।”

লগতে চাওকঃ

হাতী পোৱালিক কান্ধত তুলি উদ্ধাৰ কৰা বনৰক্ষীক ‘বাহুবলি’ৰে তুলনা জ্যেষ্ঠ বন বিষয়াৰ!

একােছা বনেৰে ভীষণ বন জুই নিৰ্বাপনৰ চেষ্টা এগৰাকী বন মন্ত্ৰীৰ! ভিডিঅ’ ভাইৰেল

Leave a Comment