বিদ্যালয়ৰ সন্মুখত ৰৈ ছাত্ৰীক অশালীন ইংগিত! আটক ৭ লম্পট…

নিউজ ডেস্কঃ বিদ্যালয়ৰ সন্মুখত ৰৈ স্কুলীয়া ছাত্ৰীকি জোকাই আটক হ’ল ৭ জনকৈ লম্পট যুৱক।

হাইলাকান্দিৰ চন্দ্ৰপুৰ গাঁৱত শনিবাৰে আটক কৰে যুৱক কেইজনক।

ইতিমধ্যে আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

ইফালে ধৃত যুৱক কেইজনৰ পৰিচয় হাইলাকান্দি জিলাৰ ঢোলচেৰা আৰু বিলাইপুৰ গাঁৱৰ কাছিম উদ্দিন, ৰেজাউল ইছলাম বৰভূঞা, সমীৰ উদ্দিন, শ্বৰীফ উদ্দিন, আফজল হুছেইন, আমিৰ হুছেইন আৰু মাজমুল হক বুলি লালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অলংবৰ বসুমতাৰীয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে, শনিবাৰে পুৱা লালাৰ চন্দ্ৰপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখত ৰৈ কেইজনমান যুৱকে ছাত্ৰীসকলক আপত্তিজনক মন্তব্য কৰা বুলি একাংশ ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ ওচৰত অভিযোগ কৰে।

ইয়াৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে আন আন শিক্ষকৰ সৈতে যুৱক কেইজনক বিচাৰি যায়।

তাৰ পিছতে লালা-চন্দ্ৰপুৰ বাইপাছ পথত যুৱক কেইজনক ৰৈ থকা প্ৰত্যক্ষ কৰি প্ৰধান শিক্ষকগৰাকীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন যুৱকক আটক কৰে।

লগতে চাওকঃ

ঋণ ৰেহাইৰ নামত ১ টকাৰ চেক পালে মহিলাই, চেক সংগ্ৰহ কৰিবলৈ খৰচ ১ হাজাৰ টকা