বিনীত বাগাৰিয়া কাণ্ডঃ ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলিৰ নিৰ্দেশ

নিউজ ডেস্ক। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ পিছতে উদণ্ড যুৱকৰ শাৰীৰিক-মানসিক নিৰ্যাতন বলি হৈ নিজৰ বিয়াৰ কিছুদিন পূৰ্বেই চৰম পথ বাছি লােৱা ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

এই ঘটনাত মৰ্মাহত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনকি বিনীতৰ ঘৰত উপস্থিত হােৱাৰ লগতে ৰাজ্যবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনাও কৰিছে।

ইয়াৰ উপৰি জিলাখনৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষককাে এই ঘটনাৰ ৰােধত ব্যৰ্থ হােৱাৰ বাবে ককৰ্থনা কৰিছে।

ইপিনে, মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ এদিন পিছতে বদলি কৰা হ’ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বেলাৰাম টেৰাঙক।

উল্লেখ্য যে তিনি উদণ্ড যুৱকৰ সঞ্জয় শৰ্মা, বৈদুল্লা খান আৰু নিশান্ত শৰ্মা নামৰ তিনি যুৱকক ইতিমধ্যে বিনীতৰ মৃত্যুৰ পূৰ্বে ৰেকৰ্ড কৰা ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এই ৩ অভিযুক্তৰ বিৰুদ্ধে পূৰ্বে বহুবাৰ আৰক্ষীৰ কাষ চাপিছিল বিনীত বাগাৰিয়া আৰু তেওঁৰ পৰিয়ালে। কিন্তু তাৰ পিছতে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল।

সেই তিনি যুৱকৰ অত্যাচাৰৰ বলি হৈয়ে জীৱন ত্যাগ কৰিছিল বিনীতে। তাৰ পিছতে শনিবাৰে বিনীতৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় আৰক্ষীৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তকো জবাবদিহী কৰে।

তাৰ পিছতে সোমবাৰে বদলি কৰা হয় ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বেলাৰাম তেৰাংক।

লগতে চাওকঃ

৯৪ বছৰ বয়সতো দুঃসাহসিক প্ৰদৰ্শন! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতাত সোণ-ব্ৰঞ্জৰ পদক জয় ‘আইতা’ৰ