বিবাহৰ অভ্যৰ্থনাত ৰৈ যোৱা অৱশিষ্ট খাদ্য দৰিদ্ৰজনক বিতৰণ কৰিলে মহিলাই

বিবাহৰ অভ্যৰ্থনাত ৰৈ যোৱা অৱশিষ্ট খাদ্য দৰিদ্ৰজনক বিতৰণ কৰিলে মহিলাই

December 5, 2021 0 By NEWS DESK

দেশত বৰ্তমানেও ভোকাতুৰৰ সংখ্যা কমা নাই। বিভিন্ন সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতত এতিয়াও ভোকাতুৰৰ সংখ্যা বিশ্বৰ শীৰ্ষত আছে। তাৰ বিপৰীতে প্ৰায়ে দেখা যায় যে বিবাহ, ৰেস্তোৰাঁ আদিত খাদ্য বৃহৎ পৰিমাণে অপচয় হয়।

বহুতেই চখতে নষ্ট কৰে খাদ্য সামগ্ৰী। কিন্তু সমাজত এনে কিছুমান মানুহো আছে, যিয়ে আহাৰ নষ্ট কৰাৰ বিপৰীতে আন দহজন ভোকাতুৰৰ কথা চিন্তা কৰে। এইবাৰ তেনে এক দৃশ্য ভাইৰেল হৈ পৰিছে। য’ত এগৰাকী মহিলাই নিজৰ ভাতৃৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত থাকি যোৱা অৱশিষ্ট খাদ্য বিতৰণ কৰিছে প্ৰয়োজনীয়জনক।

সুন্দৰ পোছাক পৰিধান কৰি মহিলা গৰাকীয়ে সকলোকে নিজে পৰিৱেশন কৰাইছে তেওঁলোকক। সেই দৃশ্য দেখিবলৈ পোৱা গৈছে পশ্চিম বংগৰ ৰাণাঘাট ষ্টেচনত।

Captures

এক দৃশ্যত দেখা অনুসৰি, সুন্দৰ পোছাক পিন্ধি মহিলাগৰাকীক ষ্টেচনৰ প্লেটফৰ্মত ধাতুৰ বাল্টি আৰু অভ্যৰ্থনা ভোজৰ খাদ্যৰে ভৰ্তি ডাঙৰ পাত্ৰ লৈ বহি থকা দেখা গৈছে।

নিজে কাগজৰ প্লেটত আহাৰ পৰিৱেশন কৰি তেওঁ ষ্টেচনত থকা দুখীয়া লোকসকলক আনন্দেৰে খাদ্য বিতৰণ কৰিছে।

ৰাতি প্ৰায় ১ বজাত ৰাণাঘাট ষ্টেচনত স্পৰ্শকাতৰ মুহূৰ্তটো ধৰি ৰখা নীলাঞ্জন মণ্ডল নামৰ এজন বিবাহৰ ফটোগ্ৰাফাৰে মহিলাগৰাকীক পাপিয়া কাৰ বুলি চিনাক্ত কৰে।

Caspture

মণ্ডলে কয় যে সেইদিনা তেওঁৰ ভায়েকৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান আছিল আৰু বৃহৎ পৰিমাণৰ খাদ্য থাকি গৈছিল। সেয়েহে তেওঁ প্ৰয়োজনীয় লোকসকলক সেই খাদ্য বিতৰণ কৰাৰ দায়িত্ব লৈছিল।

বৃদ্ধ মহিলাৰ পৰা সৰু ল’ৰা-ছোৱালী, ৰিক্সা চালক আৰু বহুতো লোকক তেওঁৰ ওচৰত একত্ৰিত হৈ সুন্দৰভাৱে আহাৰ পৰিৱেশন কৰা দেখা গৈছিল।

উল্লেখ্য যে মহিলা গৰাকীৰ এই কাৰ্যৰ বাবে বহুতেই তেওঁক প্ৰশংসা কৰিছে। যিহেতু বহুতে ইমান ডাঙৰ অনুষ্ঠানত খাদ্যৰ অপচয় কৰে। কিন্তু তেওঁ এই সন্দৰ্ভত চিন্তা কৰি এনে কাৰ্য্য কৰাৰ বাবে সকলোৱে তেওঁক প্ৰশংসা কৰে।

বহুতে তেওঁৰ এই কাৰ্য্যই আনকো তেনে কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰিছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল