বিবাহ অনুষ্ঠানত দৰা-কইনাই কৰিলে চুক্তিপত্ৰত স্বাক্ষৰ, চৰ্তসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ

নিউজ ডেস্কঃ বিবাহ হৈছে এক পবিত্ৰ বান্ধোন। বিবহৰ মাজেৰেই ওৰে জীৱন লগত থকাৰ প্ৰতিশ্ৰুতিৰে একেলগ হয় দুটি প্ৰাণ।

ধৰ্ম অনুসৰি ভাৰতত পূৰ্বৰে পৰা প্ৰচলিত ৰীতি নীতি তথা পৰম্পৰা অনুসৰিয়ে বিবাহ অনুষ্ঠান সম্পন্ন হৈ আহিছে যদিও বিগত সময়চোৱাত ভাৰতৰ কেইবাখনো অগতানুগতিক বিবাহে পৰম্পৰা ভংগ কৰি সামাজিক মাধ‍্যমত চৰ্চিত হৈ পৰিছে।

তেনে এখন বিয়াৰ কাহিনীয়ে এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ‍্যমত।

এই বিশেষ বিবাহখন স্থান অসম। নৱ দম্পতী শান্তি আৰু মিণ্টুৱে বিয়াৰ পিছত কৰিব লগা আৰু কৰিব নলগা কামৰ তালিকাৰ সৈতে এখন চুক্তিপত্ৰ তৈয়াৰ কৰি বিয়াৰ দিনাই কৰিলে স্বাক্ষৰ।

ৱেডলক ফটোগ্ৰাফী অসম নিমৰ এটা পেজে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা ক্লিপটোত ৰঙা লেহেঙ্গা পৰিহিত কইনাগৰাকীয়ে দৰাৰ সৈতে একেলগে চুক্তি স্বাক্ষৰ কৰি থকা দেখা গৈছে।

চুক্তিত উল্লেখ থকা মতে, কইনাই “প্ৰতিদিনে শাৰী পিন্ধিব লাগিব” আৰু “কেৱল পতি/পত্নীৰ সৈতেহে শেষ নিশাৰ পাৰ্টিৰ অনুমতি দিয়া হব”।

তালিকাখনত এইটোও উল্লেখ কৰা হৈছে যে, দেওবাৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট স্বামীয়ে বনাব লাগিব।

আনহাতে সপ্তাহৰ আন দিনবোৰত কোনে আহাৰ ৰান্ধিব তাৰ কোনো উল্লেখ নাই। ইয়াৰ উপৰিও “সদায় ঘৰৰ খাদ্যক প্ৰাধান্য দিব লাগিব” বুলিও বিশেষ চুক্তিপত্ৰখনত উল্লেখ আছে।

চুক্তিৰ অন্যান্য চৰ্তবোৰৰ ভিতৰত আছে প্ৰতি মাহে মাত্ৰ এটা পিজ্জা খোৱা, প্ৰতিদিনে জিমলৈ যোৱা, প্ৰতি ১৫ দিনৰ মূৰে মূৰে বজাৰ কৰা, আৰু প্ৰতিটো পাৰ্টিত ভাল ফটো তোলা ইত্যাদি।

অৱশ্যে সামাজিক মাধ্যমত এই বিবাহৰ চুক্তিপত্ৰ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

একাংশ নেট ব্যৱহাৰকাৰীয়ে ইয়াক কেৱল আমোদৰ খোৰাক হিচাপে লোৱাৰ বিপৰীতে ভাৰতীয় পৰম্পৰাক এনেদৰে বিবাহ চুক্তি পত্ৰৰে উপলুঙা কৰা বুলিও আন একাংশই আক্ষেপ ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ বিয়াৰ সময়ত দৰাই কইনাৰ চৰণ স্পৰ্শ কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

তাক লৈও সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে এইবাৰ এইখন অসমৰে এই বিশেষ বিবাহ চুক্তিপত্ৰক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

লগতে চাওকঃ

পাচলি বিক্ৰী কৰি সঞ্চয় কৰা ধনেৰে ১০ বছৰত ১১ দেশ ভ্ৰমণ এগৰাকী ৬১ বৰ্ষীয় বৃদ্ধাৰ

2 thoughts on “বিবাহ অনুষ্ঠানত দৰা-কইনাই কৰিলে চুক্তিপত্ৰত স্বাক্ষৰ, চৰ্তসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ”

Comments are closed.