নিউজ ডেস্ক। দেশত বৰ্তমানেও অব্যাহত আছে কোৰোনাৰ সংহাৰ। যাৰফলত দেশৰ প্ৰায় সংখ্যক ৰাজ্যতে বলৱৎ হৈ আছে লকডাউন। তেনে সময়ত সকলো ধৰ্মীয় অথবা মাংগলিক অনুষ্ঠান আয়োজনত চৰকাৰে বাহাল ৰাখিছে কিছু নীতি-নিৰ্দেশনা।
নিৰ্দিষ্ট সংখ্যক লোকেৰে অনুষ্ঠান আয়োজন কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। সেই অনুসৰি তামিলনাডুৰ চৰকাৰেও ৫০ জন লোকেৰে অনুষ্ঠিত কৰিবলৈ দিছে বিবাহ অনুষ্ঠান।

কিন্তু ৫০ জন লোকেৰে বিবাহ সম্পন্ন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰি এজন যুৱকে বিমানৰ ভিতৰত বিবাহ অনুষ্ঠিত কৰিলে য’ত বিমান ভাড়া কৰি ১০০ লোক লৈ মাজ আকাশত তেওঁ সম্পন্ন কৰিলে বিবাহ।
বিবাহ সম্পন্ন কৰিলে ঠিকেই, কিন্তু বিবাহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই বিমান কৰ্তৃপক্ষৰ ৰোষত পৰিল দৰা। আৰু দৰাৰ বিৰুদ্ধে চলিল আইনী প্ৰক্ৰিয়া।
ঘটনা অনুসৰি, তামিলনাডুৰ ৰাকেশ আৰু দীক্ষা নামৰ দম্পতী দ্বয়ে কোৰোনাৰ বাবে নিজৰ বিবাহ মাজ আকাশত বিমানৰ ভিতৰত সম্পন্ন কৰিবলৈ মন কৰিলে। ইয়াৰোপৰি যিহেতু চৰকাৰে ৫০ লোকেৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁলোক সেই নিৰ্দেশক লৈ অসন্তুষ্ট হ’ল।
Madurai couple gets married mid-air in flight to avoid #COVID19 restrictions, invites 161 Guests, @DGCAIndia de-rosters SpiceJet crew #marriage #MidAirMarriage @sohitmishra99 pic.twitter.com/qlyccaHKVS
— Sanjay Kishore (@saintkishore) May 24, 2021
সেয়েহে দৰা ৰাকেশে এক সিদ্ধান্ত লৈ স্পাইচ জেটৰ এখন বিমান বিবাহ অনুষ্ঠিত কৰিবলৈ ভাড়াত ল’লে।
বিমানখনত দৰা-কইনাৰ লগতে আছিল ১০০ জন লোক। বিমানখনে দেওবাৰৰ পুৱা ৭ বজাত মদুৰে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰি যেতিয়া মীনাক্ষী অম্মন মন্দিৰৰ ওপৰেৰে ঘূৰে, তেতিয়াই দৰা-কইনাই উভয়ে উভয়ক পৰিধান কৰায় বৰমাল্য। আৰু তেনেদৰে সম্পন্ন হয় তেওঁলোকৰ বিবাহ।
সিমানলৈকে সকলো ঠিকেই আছিল। কিন্তু যেতিয়াই সেই বিবাহৰ দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে, তেতিয়াই লাগে পয়মাল। কিয়নো সামাজিক মাধ্যমত আপলোড কৰা দৃশ্যসমূহত পৰিলক্ষিত হোৱা অনুসৰি, বিমানখনত থকা কোনোৱে পৰিধান কৰা নাছিল মাস্ক।
কোনোৱে মাস্ক পৰিধান কৰিছিল যদিও সঠিক ৰূপত কৰা নাছিল পৰিধান। আৰু তেওঁলোকে মনা নাছিল সামাজিক দূৰত্ব। যাৰফলত সেই দৃশ্য প্ৰত্যক্ষ কৰি বিমান প্রাধিকৰণৰ সঞ্চালক প্ৰধান (Director General of Civil Aviation) ক্ষুন্ন হৈ পৰে। লগে লগে তেওঁ সেই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে কৰ্তৃপক্ষক।
ইয়াৰোপৰি স্পাইচ জেট আৰু দৰা-কইনা সহ বিমানখনত থকা সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আৰু ইয়াৰ পিছতেই দৰাৰ বিৰুদ্ধে চলে আইনী প্ৰক্ৰিয়া। এই ঘটনা সন্দৰ্ভত এতিয়া চলি আছে তদন্ত।
জানিব পৰা মতে, তেওঁলোকে বিমানখনৰ কৰ্মচাৰী সকলৰ কথাত গুৰুত্ব প্ৰদান কৰা নাছিল। বিমান খনৰ কৰ্মচাৰী সকলে তেওঁলোকক বাৰম্বাৰ সেই কথা কৈছিল যদিও তেওঁলোকে মনা নাছিল সেই কথা।
উল্লেখ্য যে এই বিবাহখনৰ সন্দৰ্ভত সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিবাহখনে সৰ্বত্ৰে লাভ কৰিছে চৰ্চা।