বিমান যাত্ৰী হিচাপে যোৱা চিকিৎসকে জীৱন ৰক্ষা কৰিলে সহযাত্ৰীৰ

আচলতে চিকিৎসকসকলক ভগৱান বুলি বিবেচনা কৰা হয়। কোনো ৰোগীক সুস্থ কৰি তুলিব পৰা ক্ষমতা থাকে চিকিৎসকৰ। ঠিক সেই অনুসৰি এইবাৰ এজন চিকিৎসকে সাধিলে মহান কাৰ্য।

বিমান যাত্ৰা কালত বিমানৰ ভিতৰত অচেতন হৈ পৰা এজন যাত্ৰীক চিকিৎসা কৰি সুস্থ কৰি তুলিলে তেওঁ। আৰু সেই চিকিৎসকজন হল বিহাৰৰ দৰভাঙ্গাৰ বাসিন্দা তথা ৰয়েল কলেজ অফ চাৰ্জনছৰ গৱেষক চিকিৎসক ডাঃ নাদিম জিলানী।

ইয়াৰোপৰি তেওঁ কাটাৰৰ এখন চিকিৎসালয়ত তেওঁ চিকিৎসা সঞ্চালক চাইল্ড এডভোকেচী হিচাপে কৰ্মৰত।

জানিব পৰা মতে, মঙলবাৰে ভিস্তাৰাৰ দিল্লী-দোহা বিমানৰ এজন যাত্ৰীয়ে শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত মূৰ্চ্ছা যায়। যাৰ ফলত তেওঁ মজিয়াত পৰি যায়।

বিমানখনত যাত্ৰী হিচাপে গৈছিল চিকিৎসক ডাঃ নাদিম জিলানী। এই কথা গম পোৱাৰ পিছতেই ডাঃ জিলানীয়ে সহযাত্ৰীজনৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰে।

বিমান কৰ্মচাৰীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছত ড০ নাদিম জিলানীয়ে যাত্ৰীজনক উদ্ধাৰ কৰিবলৈ দৌৰি যায়।

সেই সময়ত যাত্ৰীজনৰ মুখত ফেন ওলাই আৰু তেওঁ শৌচাগাৰৰ ওচৰত অচেতন হৈ পৰি থাকে। আৰু ডা: জিলানীয়ে তাৎক্ষণিক চিকিৎসা কৰি যাত্ৰীজনৰ জীৱন ৰক্ষা কৰে।

ডাঃ নাদিম জিলানী

এই সন্দৰ্ভত ডাঃ নাদিম জিলানীয়ে কয়, “এগৰাকী এয়াৰ হোষ্টেছে মোক সন্মুখৰ শাখালৈ লৈ গৈছিল। তাত এজন অচেতন আৰু প্ৰতিক্ৰিয়াহীন যাত্ৰী মজিয়াত পৰি আছিল। তেওঁৰ শৰীৰৰ আধা অংশ তেতিয়াও শৌচাগাৰৰ ভিতৰত আছিল। তেওঁ উশাহ লোৱা নাছিল। মুখৰ কাষত কিছু ফেন আছিল। মই তৎক্ষণাৎ চিপিআৰ আৰম্ভ কৰিছিলো আৰু তেওঁ প্ৰায় ৩০ ছেকেণ্ডৰ পিছত গা লৰাই প্ৰতিক্ৰিয়াশীল হৈ পৰিছিল আৰু তাৰ পিছত চকু খুলিছিল।”

বিমান কৰ্মচাৰীয়ে জনোৱা অনুসৰি, ডাঃ জিলানীয়ে তেতিয়া কৰ্মচাৰীসকলক তেওঁৰ মগজু আৰু হৃদযন্ত্ৰলৈ তেজৰ যোগান বৃদ্ধি কৰিবলৈ যাত্ৰীজনৰ ভৰি উচ্চতাত ৰাখিবলৈ কৈছিল। তেওঁৰ হেণ্ডবেগত ষ্টেথোস্কোপ আৰু ৰক্তচাপ মনিটৰ লৈ আনিছিল। চিকিৎসকজনে কৈছিল যে যদিও তেওঁৰ ৰক্তচাপ পূৰ্বতে চিনাক্ত কৰিব পৰা নাছিল, কেইমিনিটমান পিছত ই স্বাভাৱিক হৈ পৰিছিল। যাত্ৰীজনৰ সম্পূৰ্ণ জ্ঞান ঘূৰাই পোৱাৰ পিছত, তেওঁক কেবিন ক্ৰুয়ে চোৱাচিতা কৰিছিল।

ডাঃ জিলানীয়ে আৰু কয়, “যাত্ৰীজনে সোনকালেই কথা পাতিবলৈ আৰম্ভ কৰে আৰু নিজকে হায়দৰাবাদৰ সন্তোষ বুলি চিনাক্ত কৰে যি বৰ্তমান দোহাত কাম কৰি আছে। মই তেওঁক নিৰীক্ষণ কৰি আছিলো আৰু সুখী আছিলো যে বিমানখন অৱতৰণ কৰাৰ সময়ত তেওঁ খোজ কাঢ়িব পাৰিছিল। এইটো এক সন্তোষজনক অনুভৱ আছিল।”

বিমানখনৰ এগৰাকী এয়াৰ হোষ্টেছ ঐশ্বৰ্যই কয়, “যাত্ৰীজনে দোহাত অৱতৰণ কৰাৰ পিছত সুৰক্ষিতভাৱে নামিবলৈ সক্ষম হৈছিল।”

উল্লেখ্য যে এনেদৰে সহযাত্ৰীৰ জীৱন ৰক্ষা কৰাৰ বাবে ডাঃ জিলানীক কৃতজ্ঞতা আৰু প্ৰশংসা কৰে সকলোৱে। বিমানৰ পৰা নমাৰ সময়ত বিমান কৰ্মচাৰীসকলে দুয়োফালে থিয় হৈ ডাঃ জিলানীক অভিবাদন জনায়।

Leave a Comment