বিয়া খাই ভাতৃৰ বাইকত উঠি ঘৰলৈ ওভতাৰ পথত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল সুস্মিতাৰ

বিয়া খাই ভাতৃৰ বাইকত উঠি ঘৰলৈ ওভতাৰ পথত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল সুস্মিতাৰ

February 21, 2023 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা।

আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লৈ ভাতৃৰ বাইকত উঠি ঘৰলৈ যাত্ৰা কৰাৰ পথতে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল সুস্মিতা কলিতা নামৰ ২৬ বছৰীয়া যুৱতীৰ।

এই দুৰ্ঘটনাৰ স্থান পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাৰ জোনাকীপুৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে সুস্মিতাৰ ভাতৃ আশীষ কলিতা।

মৃত যুৱতীগৰাকীৰ ঘৰ কামৰূপ জিলাৰ হাজোৰ টোক্ৰাদিয়াত বুলি জানিব পৰা গৈছে।

স্থানীয় বাসিন্দা জীৱন কলিতাৰ কন্যা সুস্মিতা।

এই দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।