বিলাসী অ’ডি গাড়ীয়ে মহটিয়াই নিলে স্কুটি, পথচাৰীক, নিহত ১

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা। বিলাসী অডি গাড়ীৰ চালকে ৰাজপথত চলালে তাণ্ডৱ। দেখা গল যেন এক চিনেমাৰহে দৃশ্য।

গাড়ীৰ খুন্দাত উফৰি গ’ল পথচাৰী সহ বহুতো বাইক।

আনকি দ্ৰুতবেগী বিলাসী গাড়ীয়ে খুন্দা মাৰেগৈ পথৰ কাষৰ জুপুৰীত। যাৰ ফলত ঘটনাত এজন লোকৰ থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় ৮ জন লোক।

FDu-c-Zf-VQAEv7ua

এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ এইমছ ৰ’ডত। এই ঘটনাৰ দৃশ্য বন্দী হয় চিচি টিভিৰ কেমেৰাত। বৰ্তমান এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দৃশ্যটোত দেখা অনুসৰি, ব্যস্ত পথত আহি আছে এখন বগা ৰঙৰ অডি গাড়ী। গাড়ীখনে হঠাতে গতি বঢ়াই দিয়ে।

FDw-Kut-GVQAA9vxh

লগে লগে চালকে ব্যস্ত পথত এফালৰ পৰা মহতিয়াই আনে পথাচাৰী আৰু বাহন। কেইবাখনো দুচকীয়া বাহনক খুন্দা মাৰে গাড়ীখনে।

গাড়ীৰ খুন্দাত দুচকীয়া বাহন আৰু যাত্ৰী উফৰি পৰে বহু দূৰত। শেষত গাড়ীখনে গৈ পথৰ কাষৰ এটা জুপুৰী ঘৰটো খুন্দা মাৰে। যাৰ ফলত ঘটনাত এজন লোকৰ মৃত্যু হয় আৰু আন আঠজন লোক আহত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, আটাইকেইজন আহতক ততাতৈয়াকৈ ওচৰৰ এইমছলৈ লৈ যোৱা হয়। য’ত এজন আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে আৰু আন আঠজন চিকিৎসাধীন হৈ আছে।

মৃত ব্যক্তিজন মুকেশ (৩০) বুলি চিনাক্ত কৰা হৈছে। আহতসকলৰ ভিতৰত তিনিজন জুপুৰীৰ বাসিন্দা আছিল। আনহাতে আন চাৰিজন দুচকীয়া বাহনৰ যাত্ৰী আছিল। যাক গাড়ীখনে খুন্দা মাৰিছিল।

উল্লেখ্য যে ঘটনাৰ পিছত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এইমছ চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰে। তেওঁ মৃত আৰু আহতসকলৰ বাবে অনুদান ঘোষণা কৰে।

লগতে চাওকঃ ক’ভিডত আক্ৰান্ত হৈ মানৱ দৰদী মহিলা চিকিৎসকৰ মৃত্যু

G2

Leave a Comment