বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ বিয়োগ

নিউজ ডেস্ক। মৃত্যু এক কঠিন বাস্তৱ! যি বাস্তৱে সিক্ত কৰে দুচকু, উদং কৰে বুকু।

বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ অকাল বিয়োগেও আজি তেওঁৰ অগণন অনুৰাকীৰ হিয়া শোকস্তব্ধ কৰি তুলিছে।

1-2

অভিনয়ৰ দক্ষতাৰে দৰ্শকৰ মনত নিগাজি ঠাই দখল কৰা পংকজ পূজাৰীৰ বিয়োগৰ খবৰ যেন কোনেও বিশ্বাসেই কৰিব পৰা নাই।

ভ্ৰাম্যমান জগতৰ লগতে দুৰদৰ্শনযোগে সম্প্ৰচাৰিত হোৱা কেইবাখনো ধাৰাবাহিকত বলিষ্ঠ অভিনয় কৰি অসমৰ সাংস্কৃতিক জগতৰ এটি পৰিচিত নাম হৈ পৰিছিল পংকজ পূজাৰী।

3

এগৰাকী বিশিষ্ট অভিনেতা বিগত কিছুদিন ধৰি কিডনীৰ ৰোগত ভুগি শেহতীয়াকৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

নিয়তিৰ পৰিহাসত হাস্পতালৰ বিচনাতে বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে পংকজ পূজাৰীয়ে। তেওঁৰ মৃত্যুত যেন এটা উজ্বল নক্ষত্ৰ হেৰুৱাই পেলালে অসমৰ সাংস্কৃতিক জগতখনে।

অভিনয় জগতখনৰ বাহিৰতো এগৰাকী শান্ত, সৰল আৰু এগৰাকী বহল মনৰ ব্যক্তি হিচাপেই পৰিচিত আছিল পংকজ পূজাৰী।

শেহতীয়াকৈ তেওঁ ব্যক্তিগত মনোৰঞ্জনধৰ্মী চেনেল ৰঙত সম্প্ৰচাৰিত হৈ থকা অনুৰাগিনী নামৰ ধাৰাবাহিকখনত অভিনয় কৰি আছিল।

2

এগৰাকী বিশিষ্ট অভিনেতাৰ বিয়োগত শোক ব্যক্ত কৰিছে গায়ক সীমান্ত শেখৰকে ধৰি বহু সাংস্কৃতিক কৰ্মীয়ে।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালেও পংকজ পূজাৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা যাঁচিছে।

লগতে চাওকঃ

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

G3

Leave a Comment