বিশিষ্ট অভিনেতা ৰাজীৱ কাপুৰৰ ৫৮ বছৰত দেহাৱসান

নিউজ ডেস্ক। ‘ৰাম তেৰী গংগা মেইলী’ শীৰ্ষক বলিউডৰ ছুপাৰহিট ছবিৰ অভিনেতা তথা বলিউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ অন্যতম সদস্য ৰাজীৱ কাপুৰ (৫৮)ৰ দেহাৱসান।

মংগলবাৰে দুপৰীয়া হৃদজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

জানিব পৰা মতে, হঠাতে বুকুত বিষ অনুভৱ কৰাৰ তেওঁক মুম্বাইৰ ইনলাক্স হাস্পতাললৈ লগে লগে ভৰ্তি কৰােৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে অভিনেতা ৰাজ কাপুৰৰ পাঁচ সন্তানৰ কনিষ্ঠ সন্তান ৰাজীৱ কাপুৰে ‘এক জান হ্যে হাম’ শীৰ্ষক ছবিৰ জৰিয়তে ১৯৮৩ চনত বলিউডৰ ছবি জগতত খােজ পেলাইছিল।

ইয়াৰ পাছত ১৯৮৪ চনত আচমান, ১৯৮৫ চনত লাভাৰ ব’য় আৰু জবৰদাস্ত শীৰ্ষক ছবিত বলিষ্ঠ অভিনয়েৰে বলিউডত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছিল।

ইয়াৰ উপৰিও বহুকেইখন ছবিত অভিনয় কৰাৰ লগতে ছবি প্ৰযোজনা আৰু সম্পাদনাৰ কামতো জড়িত আছিল।

ৰাজীৱ কাপুৰে ‘আ অৱ লট চলে’,’প্ৰেমগ্ৰন্থ’, ‘হেনা’ ছবিৰ প্ৰযোজনা কৰিছিল।

ৰাজীব কাপুৰৰ অকস্মাতে হোৱা মৃত্যুৱে শোকাকুল কৰি তোলা বলীউডৰ বহু কলা-কুশলীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে চাওকঃ

পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

৫ মহীয়া শিশুৰ বাবে আমেৰিকাৰ পৰা পৰা আমদানি কৰা ঔষধত ৬ কোটি টকাৰ কৰ ৰেহাই PMO ৰ

কিশোৰ কুমাৰৰ জনপ্ৰিয় বাংলা গীত গাই জনপ্ৰিয় হ’ল নাগালেণ্ডৰ যুৱক!

কৃতজ্ঞতা! ৪৯ টা অপৰাধজনিত ঘটনাৰ তদন্তত সহায় কৰা কুকুৰৰ মূৰ্তি স্থাপন আৰক্ষীৰ

Leave a Comment