নিউজ ডেস্ক। প্ৰখ্যাত চিত্ৰশিল্পী তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগ।
পুৱা ৮.৩০ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ পুলক গগৈৰ।
দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত ভুগি আছিল পুলক গগৈ।
তেওঁক জিএমচিএইচলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/11/314961156_1241699659743325_245829157841437495_n.jpg?resize=709%2C953&ssl=1)
উল্লেখ্য যে ১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈ দেৱে ‘অসমবাণী’ কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল।
পৰৱৰ্তী সময়ত ‘দৈনিক অসম’ কাকতৰো সাংবাদিক কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায়।
উচ্চ শিক্ষা সাং কৰি গগৈয়ে অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও কেইমাহ মানৰ পাছতে সেই চাকৰি ত্যাগ কৰি কাৰ্টুনিষ্ট সাংবাদিকতাত ব্যস্ত হৈ পৰে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/11/313868649_3403788706567819_1646730202914337005_n.jpg?resize=673%2C456&ssl=1)
১৯৭২ চন মানলৈ সক্ৰিয়ভাৱে চিত্ৰশিল্পী হিচাপে কাম কৰাৰ অন্তত ১৯৭৪ চনত তেওঁ ‘খোজ’ নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰিছিল।
এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/11/314889179_2739598099508449_4716767377962049669_n.jpg?resize=663%2C1024&ssl=1)
তেওঁ পৰিচালন কৰা “খোজ”, “ৰে’লৰ আলিৰ দূবৰি বন”, “সূৰুয” আদি চিনেমাসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল।