বিশ্ববিদ্যালয়ত অঘটন! সতীৰ্থৰ একে-৪৭ ৰাইফলৰ গুলীত প্ৰাণ গ’ল আৰক্ষী জােৱানৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ দৈমুখত অৱস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অঘটন।

কৰ্তব্যৰত অৱস্থাতে সতীৰ্থৰ গুলীত প্ৰাণ গ’ল এজন আই আৰ বি এন জোৱানৰ।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটােত বিৰাজ কৰিছে চাঞ্চল্যই।

ঘটনা সংক্ৰান্তত দৈমুখ আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি, নিশা প্ৰায় ১০.৪২ বজাত সামান্য কথাক লৈ আইআৰবিএনৰ ২ য় বেলেটেলিয়ান হেড কনিষ্টবল ৱাংগৰু টাইডং নামৰ জােৱানজনে নিজৰ একে-৪৭ ৰাইফলেৰে সতীৰ্থ জােৱান চিঙৰি মামাইলৈ দুটা ৰাউণ্ড গুলী চালনা কৰে।

লগে লগে জােৱানজন ঢলি পৰে।

ঘটনা সংঘটিত হোৱাৰ পিছতে গুৰুতৰভাৱে আহত জােৱানজনক নাহৰলগুনৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

নিহত চিঙৰি মামাই লোহিত জিলাৰ ৱাকোৰ পুৰণি পুখুৰীৰ বাসিন্দা।

আক্ৰমণকাৰী বাংৰু টাইডেঙৰ বিৰুদ্ধে দুইমুখ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 52/22u/s 303 ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।