বিহুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক অবান্তৰ আখ্যা জুবিন গাৰ্গৰ, ক’লে…

বিহুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক অবান্তৰ আখ্যা জুবিন গাৰ্গৰ, ক’লে…

February 19, 2022 0 By NEWS DESK

বিহু সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

এসপ্তাহৰ ভিতৰত বিহুৰ অনুষ্ঠান সম্পন্ন কৰাটো এক অবান্তৰ কথা বুলি অভিহিত কৰে জুবিন গাৰ্গে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পী গৰাকীয়ে কয় যে এসপ্তাহৰ ভিতৰত গোটেই অসমত বিহু পাতি শেষ কৰিবলগা হলে শিল্পী সকলক ফ্লাইট বা হেলিকপ্টাৰ দিব লাগিব।

জুবিন গাৰ্গে কয়, “এসপ্তাহৰ ভিতৰত গোটেই অসমত বিহু পতাটো সম্ভৱেই নহয়। কোন, কেনেকৈ ক’লৈ যাব? গোৱালপাৰাৰ পৰা শিৱসাগৰলৈ এৰাতিৰ ভিতৰতে যাব নোৱাৰে। গতিকে এয়া অবান্তৰ কথা।”

আনহাতে বিহুৰ চান্দা সংস্কৃতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিল্পীগৰাকীয়ে কয় যে জোৰ-জবৰদস্তি চান্দা তোলাটো বন্ধ হব লাগে। বাকী দান-বৰঙনিৰে বিহু পতা হয়েই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব’হাগ বিহু এসপ্তাহৰ ভিতৰত পাতিব লাগিব বুলি মন্তব্য কৰিছিল।

আনহাতে চান্দা সংস্কৃতি বন্ধ কৰাৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে বিহু আয়োজনৰ নামত ১০ বছৰ পুৰণি বিহু কমিটি সমূহলৈ ডেৰ লাখ টকাৰ চৰকাৰী অনুদান আগবঢ়োৱাৰো ঘোষণা কৰিছিল।