বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

নিউজ ডেস্ক। ৰাজ‍্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত দুৰ্ঘটনাৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাই আহিছে।

বুধবাৰে নিশা ধুবুৰী জিলাৰ চাপৰ মোৱাতাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাটোত ২ জন লোক থিতাতে নিহত হোৱাৰ লগতে বঙাইগাঁও চিকিৎসালয়লৈ নি থকা অৱস্থাত অন্য এজন লোকৰ মৃত্যু ঘটে।

কংকন অধিকাৰী

মৃত্যু হোৱা লোক কেইজনক দক্ষিণ সত‍্যপুৰ নিবাসী কংকণ অধিকাৰী , জিতু ৰায় আৰু মমেন ৰায় বুলি চিনাক্ত কৰা হৈছে।

মমেন ৰায় (গাৰো)

প্ৰত‍্যক্ষদৰ্শীৰ ভাষ‍্য অনুসৰি, মৃত যুৱক কেইজনে একেখন পালছাৰ বাইকেৰে চাপৰ বজাৰৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত এখন ৰখাই থোৱা টেংকাৰত তীব্র বেগেৰে খুন্দা মাৰে।

জীতু ৰায়

ফলত তিনিজনৰে দুজন থিতাতে মৃত্যু হোৱা লগতে অন্য এজন গুৰুতৰ ভাৱে আহত হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।

উল্লেখযোগ্য যে মৃত কংকন অধিকাৰী নামৰ যুৱকজনৰ যােৱা ৯ মাৰ্চত বিবাহ সম্পন্ন হৈছিল।

গাৰ পৰা মাহ-হালধিৰ গােন্ধ নৌযাওঁতেই এনেদৰে অকাল মৃত্যুৰ ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে বৃহত্তৰ চাপৰ এলেকাত।

সদৌ চাপৰ আঞ্চলিক কোচ-ৰাজৱংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ উপদেষ্টা প্ৰয়াত মমেন ৰায় ওৰফে গাৰো।

লগতে চাওকঃ

একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

Leave a Comment