বিয়া খাবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাই জােকাৰি গ’ল মঙ্গলদৈ চহৰ।

চহৰৰ মাজমজিয়াত উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপত থকা জিলা কাৰাগাৰৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ১২ চকীয়া মালবাহী ট্ৰাকে এখন বাইকক খুন্দিওৱাৰ ফলতে মঙ্গলদৈ লেঙেৰীপাৰা নিবাসী অংকিতা কাশ্যপ নামৰ ১৫ বছৰীয়া কিশােৰীগৰাকীৰ শােকাৱহ মৃত্যু হয়।

2

অংকিতা কাশ্যপ মঙ্গলদৈ ডনবস্ক’ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল।

জানিব পৰামতে, প্রয়াত গুণ ডেকা আৰু হিৰণ্ময় শ‍ইকীয়া ডেকাৰ একমাত্ৰ সন্তান অংকিতা কাশ্যপ বৃহস্পতিবাৰে দিন ১১.৩੦ মান বজাত জেঠায়েক আৰু মাকৰ লগত এ এছ-০১ কিউ-৮৯৫৯ নম্বৰৰ মটৰ চাইকেলেৰে হাজৰিকাপাৰাত হোৱা এখন বিয়ালৈ বুলি গৈ থকা অৱস্থাত এ এছ-০১ জি চি-৩৬৮৫ নম্বৰৰ ১২ চকীয়া ট্রাক এখনে পিচফালৰ পৰা খুন্দা মাৰে।

8-2

এই দুৰ্ঘটনাত পথত ঢলি পৰা অংকিতাৰ লগে লগে মৃত্যু হয়।

আনহাতে, এই দুৰ্ঘটনাত মাতৃ আৰু জেঠায়েকে সামান্য আঘাতপ্ৰাপ্ত হয়।

কৃতী ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত মঙলদৈত শোকৰ ছাঁ পৰিছে।

555

অংকিতাৰ মৃত্যুত সদৌ দৰং ছাত্ৰ সন্থা, মঙলদৈ ডনবস্ক’ হাইস্কুলকে ধৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে গভীৰ শােক প্ৰকাশ কৰিছে।

আনহাতে, মঙ্গলদৈ চহৰৰ মাজেৰে তীব্রবেগেৰে অহা যান-বাহন নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।

ইপিনে, মঙ্গলদৈ লােকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া সামাজিক মাধ্যমৰ জৰিয়তে ছাত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰে। ফেচবুকত তেওঁ মন্তব্য কৰি কয়, ‘মঙ্গলদৈৰ সদৰ থানাৰ সন্মুখত হোৱা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত মঙ্গলদৈৰ লেঙেৰীয়াপাৰা অঞ্চলৰ অংকিতা ডেকা নামৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ খবৰটোৱে মোক অতিকৈ মৰ্মাহত কৰিছে ৷ কিশোৰী গৰাকীৰ আকস্মিক মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ ৷ ৷৷ ঔঁম শান্তি ৷৷

6

আনহাতে, প্ৰাক্তন সাংসদ ৰমেন ডেকাই কয়, ”আজি মঙ্গলদৈ চহৰৰ মাজমজিয়াত দৰং জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এটি পথ দুৰ্ঘটনাত মঙ্গলদৈৰ অংকিতা কাশ্যপ নামৰ ১৫ বছৰীয়া ছাত্ৰী গৰাকীৰ হৃদয় বিদাৰক মৃত্যুৰ খবৰটো পাই অতিশয় মৰ্মাহত হৈছো ৷ এগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰীৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ । লগতে ছাত্ৰীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।”

লগতে চাওকঃ

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

G4

Leave a Comment