বুধবাৰৰ পৰা বিয়লি ২ বজাৰ পৰা বন্ধ থাকিব দোকান-পোহাৰ, সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন জাৰি…

অসমত কোভিড-১৯ ৰ সংক্ৰমণ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা নৈশ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰিছে।

এই সন্দৰ্ভত মংগলবাৰে চৰকাৰে কৰা ঘােষণা অনুসৰি, বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব নৈশ সান্ধ্য আইন।

ইয়াৰ লগতে বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ সলনি দিনৰ ২ বজাৰ পৰা বন্ধ থাকিব ৰাজ্যৰ সকলো দোকান-পোহাৰ।

সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীত ক’ভিড পৰিস্থিতি চিন্তনীয় হৈ পৰিছে।

এই পৰিপ্ৰেক্ষিতত ৱাৰ্ড হিচাপে কন্টেইনমেন্ট জ’ন ঘােষণা কৰাৰ কথা প্ৰশাসনে চিন্তা চৰ্চা কৰিছে।

অৱশ্যে সদ্যহতে তেওঁ ৰাজ্যত লকডাউনৰ সম্ভাৱনা নস্যাৎ কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! বিদ্যুতৰ খুঁটাত খুন্দিয়ালে বাহনে, থিতাতে মৃত্যু ৰাভা ছাত্ৰ সন্থাৰ দুই কৰ্মীৰ

Leave a Comment