পাথৰ উলিওৱাৰ পৰিৱৰ্তে চিকিৎসকে উলিয়ালে বৃক্ক! ১১ লাখ টকাৰ জৰিমণা আৰোপ আদালতৰ

নিউজ ডেস্ক। বৰ্তমান সময়ত অস্ত্ৰোপ্ৰচাৰৰ সময়ত চিকিৎসকে বৃক্ক বা দেহৰ আন অংগ চুৰি কৰা ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়।

এইবাৰ এনে এক ঘটনা শুনিবলৈ পোৱা গৈছে য’ত চিকিৎসকে বৃক্কত পাথৰ হোৱা ৰোগীৰ অস্ত্ৰোপ্ৰচৰৰ সময়ত পাথৰৰ পৰিৱৰ্তে উলিয়ালে বৃক্ক। যাৰ ফলত মৃত্যু হয় ৰোগীজনৰ।

ইয়াৰ পিছতেই ৰোগীৰ আত্মীয়ই গোচৰ তৰে ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগত। আৰু আয়োগে সেই গোচৰৰ ৰায় প্ৰদান কৰি চিকিৎসালয় কৰ্তৃপক্ষক আৰোপ কৰে বৃহৎ পৰিমাণৰ জৰিমনা।

অৱশ্যে এই ঘটনাটো কিছু বছৰ পুৰণি। ঘটনাটো সংঘটিত হৈছিল গুজৰাটৰ এখন চিকিৎসালয়ত। আৰু অলপতে ইয়াৰ শুনানি দিছিল গুজৰাট ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে।

KMG-General-Hospital-Balasinor-1200x768

খবৰ অনুসৰি, গুজৰাট ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে বালাচিনোৰৰ কেএমজি জেনেৰেল চিকিৎসালয়ক ১১.২৩ লাখ টকাৰ জৰিমনা আৰোপ কৰে। অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ পাথৰ আঁতৰোৱাৰ পৰিৱৰ্তে বৃক্ক আঁতৰোৱা চিকিৎসালয়খনৰ অৱহেলাৰ বাবে জৰিমনা আৰোপ কৰে। আৰু অস্ত্ৰোপ্ৰচাৰৰ চাৰি মাহৰ পিছত মৃত্যু হৈছিল ৰোগীজনৰ।

উপভোক্তা আদালতে কয় যে, চিকিৎসালয় পৰিচালনা সমিতি কেৱল নিজৰ কাম-কাজ বা কমিছন আৰু ত্ৰুটিৰ বাবেই দায়বদ্ধ নহয়। ইয়াৰ কৰ্মচাৰীসকলৰ অৱহেলাৰ বাবেও ই দায়বদ্ধ।

জানিব পৰা মতে, খেড়া জিলাৰ ভানঘাৰোলী গাঁৱৰ বাসিন্দা দেৱেন্দ্ৰভাই ৰাৱালৰ পিঠিৰ তীব্ৰ বিষ আৰু প্ৰস্ৰাৱ কৰাত অসুবিধা হৈছিল। তেওঁৰ সেই সমস্যা বালাচিনোৰ চহৰৰ কেএমজি জেনেৰেল চিকিৎসালয়ৰ ড° শিবুভাই পেটেলক দেখুৱাইছিল।

surgery-min

২০১১ চনৰ মে’ত তেওঁৰ বাওঁ বৃক্কত ১৪ মিমি পাথৰ ধৰা পৰিছিল। ২০১১ চনৰ ৩ ছেপ্টেম্বৰত একেখন চিকিৎসালয়তে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। অস্ত্ৰোপচাৰৰ পিছতেই তেওঁৰ পৰিয়ালটো আচৰিত হৈছিল। কিয়নো চিকিৎসকে কৈছিল যে পাথৰৰ সলনি বৃক্কটো আঁতৰাব লাগিব। চিকিৎসকসকলে পৰিয়ালটোক এইটোও কৈছিল যে ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ বৃক্ক আঁতৰোৱা প্ৰয়োজন।

যেতিয়া ৰাৱালৰ প্ৰস্ৰাৱ কৰাত অধিক সমস্যা আৰম্ভ হৈছিল। তেওঁক নাদিয়াদৰ বৃক্ক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। পিছত যেতিয়া তেওঁৰ অৱস্থা অধিক অৱনতি হয়, তেওঁক আহমেদাবাদৰ আই.কে.ডি.আৰ.চি.লৈ লৈ যোৱা হয়। অৱশেষত তেওঁৰ ২০১২ চনৰ ৮ জানুৱাৰীত বৃক্কৰ সমস্যাত মৃত্যুবৰণ কৰে।

ইয়াৰ পিছতেই ৰাৱালৰ পত্নী মীনাবেনে নাদিয়াদৰ উপভোক্তা আদালতত গোচৰ দাখিল কৰে। তেওঁ চিকিৎসক, চিকিৎসালয় আৰু ইউনাইটেড ইণ্ডিয়া ইঞ্চিউৰেন্স কোম্পানী লিমিটেডক চিকিৎসাৰ বাবে দায়বদ্ধ কৰে।

আদালত তথা ৰাজ্যিক আয়োগে শুনানি দি কয় যে, চিকিৎসালয়খনত ভিতৰৰ আৰু বাহিৰৰ ৰোগীসকলৰ বাবে বীমা আঁচনি আছে, কিন্তু চিকিৎসাকাৰী চিকিৎসকৰ চিকিৎসাৰ অৱহেলাৰ বাবে বীমাকৰ্তা দায়বদ্ধ নহয়।

অস্ত্ৰোপচাৰটো কেৱল বৃক্কৰ পৰা পাথৰ আঁতৰাবলৈ আছিল, কিন্তু তাৰ পৰিৱৰ্তে বৃক্কটো আঁতৰ কৰা হৈছিল। সেয়েহে এয়া চিকিৎসক আৰু চিকিৎসালয়ৰ অৱহেলাৰ এক স্পষ্ট ঘটনা।

Leave a Comment