বৃহৎ সাফল্য! ২১ কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ DRI ৰ, আটক ২

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ নিতৌ যেন সােঁত বৈছে অবৈধ সােণৰ।

সহজ ধনৰ লালসাত এই চােৰাং বেহাত নামি পৰিছে বহু লােক।

এইবাৰ কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা বিভাগৰ গুৱাহাটী মণ্ডলৰ নেতৃত্বত চলা অভিযানত জব্দ হ’ল বিপুল পৰিমাণৰ চােৰাং সােণৰ বিস্কুট।

মণিপুৰৰ ৰাজধানী ইম্ফলত চলিছিল বিভাগটােৰ এই অভিযান।

চোৰাং কাৰবাৰীয়ে ব্যৱহাৰ কৰা এখন বাহনত তালাচী চলাই ৰাজহ চোৰাংচোৱাৰ বিষয়াসকলে প্ৰায় ২১ কোটি টকা মূল্যৰ ৪৩ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।

গাড়ীখনত আছিল বিদেশত প্ৰস্তুত ২৬০খন সোণৰ বিস্কুট।

চোৰাংচোৱাৰ দলটোৱে ম্যানমাৰৰ পৰা অহা গাড়ীখনত ইম্ফলত ৰখাই তালাচী কৰে যদিও গাড়ীখনত বিশেষভাৱে ৰখা সোণখিনি উদ্ধাৰ কৰিবলৈ সময় ল’লে সুদীৰ্ঘ ওঠৰ ঘণ্টা।

গাড়ীখনৰ তিনিটা চেম্বাৰক বিশেষভাৱে প্ৰস্তুত কৰি সোণখিনি অনা হৈছিল।

গাড়ীখনত অহা দুয়োজন আৰোহীক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে বিগত তিনি মাহত ৰাজ্যখনত প্ৰায় ৬৭ কিলোগ্ৰাম সোণ জব্দ কৰে ৰাজহ চোৰাংচোৱাই। ৫৫ কিলোগ্ৰাম উদ্ধাৰ জুন মাহত।

Leave a Comment