ব্যস্ত পথৰ ট্ৰেফিক চিগনেলত হঠাতে নৃত্য মডেলৰ, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। আজিৰ সময়ত সকলোৱে সামাজিক মাধ্যমত ভাইৰেল হ’বলৈ কোনো এক প্ৰকাৰৰ সমল সৃষ্টি কৰে। আনহাতে সামাজিক মাধ্যমৰ সমল নিৰ্মাতাসকলেও প্ৰতিদিনে কিছুমান নতুন সমলৰ বাবে ডাঙৰ ৰিস্ক অথবা জীৱনৰ ৰিস্ক ল’বলৈ চেষ্টা কৰে।

সেই অনুসৰি এইবাৰ তেনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে। য’ত এগৰাকী মডেলে ট্ৰেফিক চিগনেলত ৰঙা লাইট জ্বলি থকা সময়ত নৃত্য কৰা দেখা গৈছিল। যাৰ পিছত তেওঁৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

বৰ্তমান সেই দৃশ্য সকলোতে হৈ পৰিছে উপলব্ধ। কিন্তু যান-বাহন আইন উলংঘা কৰাৰ বাবে আৰক্ষীয়ে তেওঁলৈ জাৰি কৰে জাননী। এই ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে মধ্য প্ৰদেশৰ ইন্দোৰত।

দৰাচলতে, সামাজিক মাধ্যমত ভাইৰেল হ’বলৈ শ্ৰেয়া কালৰা নামৰ এগৰাকী মডেলে ইন্দোৰৰ ৰাচোমা স্কোৱেৰৰ সমুদ্ৰ তীৰৰ পথত নৃত্য কৰাৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল। ভিডিঅ’টো তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু মূহুৰ্ততে ভাইৰেল হৈ পৰিছিল।

কিন্তু তেওঁৰ এই ভিডিঅ’টোৱে সামাজিক মাধ্যমত ভাইৰেল হৈ চৰ্চা লাভ কৰিলে যদিও ভিডিঅ’টোৱে শ্ৰেয়াৰ দুখহে বৃদ্ধি কৰে। কিয়নো ইন্দোৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে জাননী জাৰি কৰে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত শ্ৰেয়া কালৰাক ইন্দোৰৰ ৰাচোমা স্কোৱেৰত ‘লেট মি বি ইয়ৰ ৱমেন’ গানটোত নৃত্য কৰি থকা দেখা গৈছিল। এই ভিডিঅ’টোত তেওঁৰ এজন ঘনিষ্ঠ বন্ধুৱে চিত্ৰগ্ৰহণ কৰিছিল।

অৱশ্যে তেওঁ ট্ৰেফিক চিগনেলত ৰঙা লাইট জ্বলাৰ পিছতহে ভিডিঅ’টোৰ চিত্ৰগ্ৰহণ কৰিছিল। শ্ৰেয়াই ৰঙা চিগনেলত নাচিছিল। আৰু যেতিয়ালৈকে পুনৰ সেউজীয়া লাইট জ্বলা নাছিল তেতিয়ালৈকে তেওঁ নৃত্য কৰিছিল।

তেওঁ ভিডিঅ’ৰ জৰিয়তে মানুহক মাস্ক পিন্ধিবলৈ আহ্বান জনাইছিল।

মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই শ্ৰেয়াক ট্ৰেফিক চিগনেলত এনেদৰে নৃত্য কৰাৰ বাবে দোষাৰোপ কৰিছে।

তেওঁ শ্ৰেয়াৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। আৰক্ষী বিভাগে যান-বাহন আইন উলংঘনৰ বাবে শ্ৰেয়ালৈ এখন জাননী প্ৰেৰণ কৰে।

ইন্দোৰৰ উপ আৰক্ষী অধীক্ষকে যুৱকসকলক কেৱল মনোৰঞ্জনৰ বাবে সেই কাৰ্যকলাপবোৰ কৰিবলৈ কয়, আৰু যাতে আনৰ বা নিজৰ ক্ষতি নহয় তাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

অৱশ্যে, শ্ৰেয়া কালৰাই সামাজিক মাধ্যমত প’ষ্ট কৰা ভিডিঅ’টো তৈয়াৰ কৰাৰ উদ্দেশ্য স্পষ্ট কৰিছে। তেওঁ ট্ৰেফিক চিগনেল ভংগ কৰাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।

আনহাতে তেওঁ কয় যে তেওঁ কেৱল মাস্ক পিন্ধা আৰু ৰঙা সংকেতত ৰখাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেহে সেই কাৰ্য কৰিছিল। বহুতেই যান-বাহন চলি থকা সময়ত জেব্রা ক্ৰচিঙত খোজ কঢ়াৰ বাবে তেওঁ ভয় খাইছিল। সেয়েহে তেওঁ সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ লোৱা বুলি কয়।

তেওঁ কয় যে, তেওঁৰ উদ্দেশ্য আছিল সকলোকে যান-বাহন আইনৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু জেব্ৰা ক্ৰচিঙত কেনেদৰে পাৰ হ’ব লাগে সেইয়া জনোৱা। ট্ৰেফিক চিগনেল অফ কৰাৰ সময়ত জেব্ৰা ক্ৰচিং ব্যৱহাৰ কৰিব লাগে। কিন্তু মানুহে এই সন্দৰ্ভত ভুল ব্যাখ্যা প্ৰদান কৰিছে।

উল্লেখ্য যে এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছৰে পৰা এইয়া কি সজাগতা সেই বিষয়ে নিৰন্তৰ প্ৰশ্ন উত্থাপিত কৰি আহিছে বহুতেই।

Leave a Comment