বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ, ফেচবুক পােষ্টত ‘ককাইদেউ’ৰ সমৰ্থনত ‘কমেন্ট’ কৰি ৰঙাঘৰত…

নিউজ ডেস্ক। কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ প্ৰসংগ ৰাজ্যজুৰি চৰ্চালাভ কৰাৰ সময়তে এইবাৰ আন এগৰাকী ছাত্ৰ আলফা (স্বাধীন)ৰ সমৰ্থনত পােষ্ট দি বিপদত পৰিছে।

এই ছাত্ৰগৰাকীৰ নাম প্ৰমােদ কলিতাৰ।

ফেচবুকত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাৰ সমৰ্থনত কমেন্ট কৰি আইনৰ ৰােষত পৰিল কলাইগাঁও বৰঙাবাৰীৰ প্ৰমােদ কলিতা নামৰ ছাত্ৰজন।

এই বিষয়ে তথ্য লাভ কৰি গ্ৰেপ্তাৰ হ’ল টংলা কলেজৰ চতুৰ্থ ষান্মাসিকৰ ছাত্র প্ৰমোদ।

এই সংক্ৰান্তত আৰক্ষীয়ে এটা গােচৰ ৰুজু কৰি ওদালগুৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে ছাত্ৰজনক।

লগতে চাওকঃ

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…