ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমাৰ ঠাইৰ পৰা যাতে আৰু লাভলীনা, নয়নমণি ওলাওকঃ স্বগৃহত উপস্থিত হৈ ক’লে নয়নমণি শইকীয়াই

ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমাৰ ঠাইৰ পৰা যাতে আৰু লাভলীনা, নয়নমণি ওলাওকঃ স্বগৃহত উপস্থিত হৈ ক’লে নয়নমণি শইকীয়াই

August 16, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বাৰ্মিংহামত সোণ জয় কৰি আজি স্বগৃহলৈ উভতিল সোণজনী। মৰমতে মাক তথা গাঁওবাসীয়ে সোণজনী বুলি মতা অসমৰ ল’নবল খেলুৱৈ নয়নমণি শইকীয়াক আজি স্বগৃহলৈ গায়ন-বায়নেৰে আদৰণি জনায় বিভিন্ন দল-সংগঠন তথা ৰাইজে।

উল্লেখ্য যে, বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰি অসমৰ বাবে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল নয়নমণি শইকায়াই। ল’নবল খেলত ভাৰতৰ হৈ স্বৰ্ণ পদক জয় কৰা নয়নমণি আজি ধনিশিৰিত উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হয় এক উছৱমুখৰ পৰিৱেশৰ।

সংবাদ মাধ্যমৰ সন্মুখত নিজৰ অনুভৱ ব্যক্ত কৰি স্বৰ্ণজয়ী খেলুৱৈ গৰাকীয়ে কয় এয়া তেওঁৰ বাবেও এক ঐতিহাসিক ঘটনা। আনহাতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উজনি অসমত এখন ল’ন বল ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনোৱা বুলি নয়নমণি শইকীয়াই জানিবলৈ দিয়ে।

তেওঁ কয়, ‘গোলাঘাটত এখন ল’নবল খেলপথাৰ হ’লে মই মোৰ সকলো উজাৰি উঠি অহা প্ৰজন্মক শিকাবলৈ চেষ্টা কৰিম। মই বিচাৰো ধনশিৰি মহকুমাৰ পৰা মোৰ দৰে, লাভলীনাৰ দৰে আৰু খেলুৱৈৰ জন্ম হওক।’

উল্লেখ্য যে, স্বভূমিত উপস্থিত হোৱা খেলুৱৈগৰাকীক আজি বিভিন্ন দল-সংগঠন তথা ৰাইজে ধনশিৰি মহকুমাৰ প্ৰৱেশ পথৰ পৰাই আদৰি সৰুপথাৰ মহাবিদ্যালয়লৈ লৈ যায়।