ভয়ংকৰ! নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু কমেও ১৫ ছাত্ৰীৰ

নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু কমেও ১৫ গৰাকী ছাত্ৰীৰ।

মণিপুৰৰ ননে’ জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা।

জানিব পৰা মতে, বুধবাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দল।

দুখন বাছেৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে খোপুম অভিমুখে গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।

বাতৰি অনুসৰি, ননে’ জিলাৰ জৌজাংটেক আৰক্ষী থানাৰ অন্তৰ্হত লংছাই টুবুং গাঁৱৰ সমীপৰ বিষ্ণুপুৰ-খোপুম পথৰ সমীপত দুৰ্ঘটনাত পতিত হয় ছাত্ৰ-ছাত্ৰীৰ বাছ।

এই ভয়ংকৰ দুৰ্ঘটনাটোত কমেও ১৫ গৰাকী ছাত্ৰী নিহত হোৱাৰ আশংকা কৰা হৈছে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ২০ জনৰো অধিক ছাত্ৰ-ছাত্ৰী।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।