ভয়ংকৰ! ভূমিস্খলনত খহি পৰিল ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ অংশ

নিউজ ডেষ্ক। এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

ভূমিস্খলনত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ।

এই ঘটনা শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ পাংগিন-পাছিঘাট পথত।

ভূমিস্খলনৰ এক ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত। য’ত পাছিঘাটৰ ৰেংগিংৰ ওচৰৰ চিৰ্কিৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। যাৰ ফলত ব্যাহত হৈ পৰে যোগাযোগ ব্যৱস্থা।

উল্লেখ্য যে যোৱা দুমাহ ধৰি অৰুণাচল প্ৰদেশৰ ছিয়াং, ৱেষ্ট ছিয়াং, আপাৰ ছিয়াং আৰু শি-য়মি জিলাত ভূমিস্খলনে লৈছে ভয়ংকৰ ৰূপ। ভূমিস্খলনৰ ফলত অঞ্চলটোত হৈছে যথেষ্ট ক্ষয়-ক্ষতি।

যোগাযোগ ব্যৱস্থাত ৰাজ্যখনত পৰিছে যথেষ্ট প্ৰভাৱ।

Leave a Comment